তীব্ৰ বেগেই কালঃ বলেৰ'ৰ খুন্দাত মহিলাৰ মৃত্যুৰ বিপৰীতে ডাম্পাৰৰ খুন্দাত যুৱক আহত..

তীব্ৰ বেগেই কালঃ বলেৰ'ৰ খুন্দাত মহিলাৰ মৃত্যুৰ বিপৰীতে ডাম্পাৰৰ খুন্দাত যুৱক আহত..

author-image
Asomiya Pratidin
New Update
তীব্ৰ বেগেই কালঃ বলেৰ'ৰ খুন্দাত মহিলাৰ মৃত্যুৰ বিপৰীতে ডাম্পাৰৰ খুন্দাত যুৱক আহত..

তীব্ৰ বেগেই কালঃ বলেৰ'ৰ খুন্দাত মহিলাৰ মৃত্যুৰ বিপৰীতে ডাম্পাৰৰ খুন্দাত যুৱক আহত..

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হ'ল শোকাৱহ দুৰ্ঘটনা। আজি পুৱাই বৰপেটাত প্ৰাতঃভ্ৰমণৈ যোৱা এজন যুৱকক তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়াৰ এক ঘটনা সংঘটিত হোৱাৰ বিপৰীতে গোৱালপাৰাত নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়।

জানিব পৰা মতে পুৱা বৰপেটা- হাউলী পথৰ দাবালিয়াপাৰাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা যুৱকজনৰ নাম আবু জাফৰ মণ্ডল। পুৱা আবু জাফৰ মণ্ডলে প্ৰাতঃ ভ্ৰমণলৈ গৈছিল।

তাৰ পাছতেই ৰাজপথেৰে যোৱা এখন তীব্ৰ বেগী ডাম্পাৰে তেওঁক খুন্দা মাৰে। ফলত গুৰুতৰ ভাৱে আহত হয়। ইয়াৰ পাছতে তেওঁক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। ঘটনা সংঘটিত কৰি ডাম্পাৰ চালক আৰু হেণ্ডিমেনজনে পলায়ন কৰে।

আনহাতে নিশা গোৱালপাৰাত এখন বলেৰ' বাহনে এগৰাকী মহিলাক খুন্দা মাৰে। ফলত থিতাতে নিহত হয় মহিলাগৰাকী। মৃত মহিলাগৰাকীৰ নাম মামনি দাস । মামনি দাসৰ ঘৰ গোৱালপাৰাৰ বেলতলাত।

জানিব পৰা মতে নিশা খোজকাঢ়ি থাকোতেই তেওঁক তীব্ৰবেগী বলেৰ' বাহনখনে খুন্দা মাৰে। ইয়াৰ পাছত অৱশ্যে স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' বাহনখনৰ সৈতে গৰাকীক আটক কৰে আৰু আৰক্ষীক চমজাই দিয়ে। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ'খনৰ নম্বৰ এ এছ ২৬ চি ৯৪৬০।

Also Read: মণিপুৰ কাণ্ডত দেশ 'উলংগ' হোৱাৰ পাছত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

পথ দুৰ্ঘটনা