ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ। শুকুৰবাৰে পুৱা গোলাঘাটৰ পুলিবৰত সংঘটিত হ'ল এই পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল এজন স্কুলীয়া ছাত্ৰৰ।
দুৰ্ঘটনাত প্ৰাণ নাশ হোৱা ছাত্ৰজনৰ নাম চন্দনজ্যোতি গগৈ। নিহত চন্দন পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল। দুৰ্ঘটনাত প্ৰথমে আহত চন্দনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালত তেওঁক মৃত ঘোষণা কৰা হয়।
ইফালে দুৰ্ঘটনাৰ পিছতে এই কাণ্ড সংঘটিত কৰা বাহনখনৰ সৈতে চালকজনে আত্মসমৰ্পণ কৰিছে। আনহাতে নিহত চন্দনৰ পিতৃয়েও গোলাঘাট আৰক্ষী থানাত ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে।
ক্লিক কৰি পঢ়কঃ ইউক্ৰেইনৰ ফেৰত ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াৰ বাম্পাৰ অফাৰ...