মাৰ্ঘেৰিটাত পথ সুৰক্ষা সজাগতা সভা...

মাৰ্ঘেৰিটাত পথ সুৰক্ষা সজাগতা সভা...

Published on

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: জিলা পৰিৱহণ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা বাছ মালিক সন্থা, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু, লেখাপানী আৰু জাগুন অ'ট মালিক সন্থাৰ সহযোগত দেওবাৰে মাৰ্ঘেৰিটা সৎসঙ্গ বিহাৰ সন্মুখত ভ্ৰাম্যমাণ পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়। মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈয়ে আঁ‌ত ধৰা এই অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিৱহণ বিষয়া কানাই মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে, পথ সুৰক্ষা বিশেষজ্ঞ অজিৎ সিং উপস্থিত থাকে।

'পথ সুৰক্ষা জীৱন সুৰক্ষা'- ‘সজাগ হওক জীৱন ৰক্ষা কৰক’ বিভাগৰ যান-বাহন আইন মানি চলি বাহন চলাওঁক, দুচকীয়া বাইক চালকে হেলমেট পৰিধান কৰক; বাহনৰ নথি-পত্ৰ ঠিক-ঠাক কৰি ৰাখক; ছিট বেল্ট বান্ধি লোৱা, তীব্ৰগতি পৰিহাৰ কৰক, সুৰাপান কৰি গাড়ী নচলাব, গাড়ী চলাই থাকোতে মোবাইল ফোন ব্যৱহাৰ নকৰিবৰ আৰু অন্যান্য নীতি-নিয়ম মানি চলিবলৈ মুখ্য অতিথিৰ ভাষণত আহ্বান জনাই নৱনিযুক্ত তিনিচুকীয়া জিলা পৰিবহণ বিষয়া কানাই মহন্তই। ইয়াৰ পাছতেই পথ সুৰক্ষা বিশেষজ্ঞ গৰাকীয়ে সজাগতা সভাত উপস্থিত থকা চালক সকলৰ মাজত পথ সুৰক্ষা সম্বন্ধীয় বিষয় সমূহ আলোকপাত কৰে।

উল্লেখ যে দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটা সৎসঙ্গ বিহাৰ সমিপস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। উক্ত স্থানত থকা টাৰ্ণিংটো মৰণফাণ্ড হিচাপে বছৰ বছৰ ধৰি পৰিণত হৈ আহিছে যদিও চৰকাৰ প্ৰশাসনৰ কাণসাৰ নাই। উক্ত অঞ্চল পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাই তিনিচুকীয়া জিলা পৰিৱহণ বিষয়া গৰাকীক মাৰ্ঘেৰিটা বাছ মালিক সন্থাৰ মুখ্য সম্পাদক বিতু বকটিয়াল আৰু যুতিয়া সম্পাদক প্ৰাৰ্থ পালিতে।

এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে পৰিবহণ বিষয়াগৰাকীয়ে। অন্যহাতে অ'ট সন্থাৰ তৰফৰ পৰা পৰিবহণ বিষয়াগৰাকীক এখন স্মাৰক পত্ৰ যোগে মাৰ্ঘেৰিটাত শেহতীয়াকৈ উদ্ভৱ হোৱা যাত্ৰীবাহী অ'ট আৰু ই-ৰিস্কা মাজত পথ সম্বন্ধীয় সংঘাত সমাধানৰ বাবে দাবী জনায়।

মাৰ্ঘেৰিটাত পথ সুৰক্ষা সজাগতা সভা...
২৮জুলাই, আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in