ৰজাপথাৰত সোণ গয়াৰী সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাঃ বিজয়ী আৰ ক্লাব

ৰজাপথাৰত সোণ গয়াৰী সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাঃ বিজয়ী আৰ ক্লাব
Published on
Updated on

ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ ৰাজপুৰ আৰ ক্লাবৰ উদ্যোগত ক্লাবৰ খেলপথাৰত ১৩ আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰথম প্ৰয়াত শিক্ষক কৃতী খেলুৱৈ সোণ গয়াৰী সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমাণি ফুটবল চেম্পিয়নশ্বিপৰ দেওবাৰে সফলতাৰে সামৰণি পৰে।

মুঠ ৮টা ফুটবল ক্লাবে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ৰাজপুৰ আৰ ক্লাবে হাওৰাঘাট এ ৱান ফুটবল একাডেমীক ৩ --১ গ'লৰ ব্যৱধানত পৰাভূত কৰি প্ৰথম সোণ গয়াৰী সোঁৱৰণী ট্ৰফী হস্তগত কৰে।

বিজয়ী দলৰ হৈ কাৰ্তিক গয়াৰীয়ে প্ৰথমাৰ্ধত এটা আৰু দিতীয়াৰ্ধত এটা আৰু হেমফু ইংতিয়ে এটা মুঠ ৩ টা গ'ল কৰাৰ বিপৰীতে পৰাজয়ী দলৰ হৈ ছিংদম ইংতিয়ে ২টা গ'ল কৰে।

ৰাজপুৰ আৰ ক্লাবৰ কাৰ্তিক গয়াৰীয়ে শ্ৰেষ্ঠ খেলুৱৈ, হেমফু ইংতিয়ে সৰ্বোচ্চ গ'ল দাতা আৰু নৌৰছৌণ বসুমতাৰীয়ে শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান অৰ্জন কৰে। চূড়ান্ত খেলখন উদ্বোধন কৰে ৰজাপথাৰ ক্ৰীড়া সন্থাৰ সভাপতি শৰৎ পাটৰে।

ৰজাপথাৰত সোণ গয়াৰী সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাঃ বিজয়ী আৰ ক্লাব
বটদ্ৰৱাত নাৰীৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী সমদল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in