এটা ম'হৰ দাম ২৩কোটিঃ প্ৰতিদিনে দুবাৰকৈ ধোৱে গা, খায় ৫হাজাৰ টকাৰ Dry Fruits...

অবিশ্বাস্য যেন লাগিলেও এয়া মিছা খবৰ নহয়। আমি উল্লেখ কৰা এই ম’হটোৰ মূল্য প্ৰায় ২৩কোটি টকা। যাৰ বাবে এই ম’হটোৰ নাম ৰখা হৈছে- আনমৌল।  দৰাচলতে আজমেৰৰ পুষ্কৰত ২নৱেম্বৰৰ পৰা আৰম্ভ হৈছে পুষ্কৰ পশু মেলা-২০২৪।

author-image
Asomiya Pratidin
New Update
এটা মহৰ দাম ২৩কোটি

ডিজিটেল ডেস্কঃ দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে চলাই ১৩কোটি টকাৰ বিলাসী বাহন। ঠিক তেনেদৰে দেশৰ প্ৰধানমন্ত্ৰী ঘূৰে প্ৰায় ১৪কোটি টকীয়া মাৰ্ছিডিজ বাহনত। কিন্তু আপুনি জানি আচৰিত হ’ব যে, ভাৰতৰ এটা মহৰ মূল্য এই দামী দামী বাহনতকৈ প্ৰায় দুগুণ।

অবিশ্বাস্য যেন লাগিলেও এয়া মিছা খবৰ নহয়। আমি উল্লেখ কৰা এই মহটোৰ মূল্য প্ৰায় ২৩কোটি টকা। যাৰ বাবে এই মহটোৰ নাম ৰখা হৈছে- আনমৌল।  দৰাচলতে আজমেৰৰ পুষ্কৰত ২নৱেম্বৰৰ পৰা আৰম্ভ হৈছে পুষ্কৰ পশু মেলা-২০২৪। ১৭নৱেম্বৰৰ লৈকে চলিব লগা এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ সুস্থ-সবল তথা দেখনিয়াল পশুৰ কিনা-বেচা হয়।

এই পুষ্কৰ মেলাতে আছে ২৩কোটি টকীয়া আনমৌল। গৰাকীয়ে এই মহটোৰ দাম ধাৰ্য কৰিছে ২৩কোটি টকা। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই পুষ্কৰ মেলাত প্ৰতিবছৰে কেইবা শ কোটি টকাৰ পশু কিনা-বেচা হয়।

এতিয়া আহো আনমৌলৰ আন এক প্ৰসংগলৈ। সাধাৰণ এটা মহৰ দাম ২৩কোটি টকা কেনেকৈ হল! ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো শিৰোনাম দখল কৰিছে আনমৌলে। বহু ৰাষ্ট্ৰীয় সংবাদমাধ্যমে খবৰ প্ৰকাশ কৰিছে যে, আনমৌলৰ যিমান দাম, যিমান দামেৰে নয়দাত ২০ফ্লেট ক্ৰয় কৰিব পৰা যাব।

আনমৌল যদিও সাধাৰণ মহ। তাৰ আটিল শৰীৰে সকলোকে আকৰ্ষণ কৰে। সুস্থ আৰু অতিকে সবল আনমৌলে প্ৰতিদিনে ভক্ষণ কৰে ১৫০০টকা ড্ৰাই ফুইটছ। ইয়াৰোপৰি উচ্চ ভিটামিনযুক্ত আহাৰ গৰাকীয়ে যোগান ধৰে আনমৌলক। প্ৰতিদিনে আনমৌলে খায়, ৫লিটাৰ গাখীৰ, ৪কিলো সতেজ আঙুৰ, ৩০টা কল, ২০টা প্ৰটীন ৰাইজ কণী আৰু ২৫০গ্ৰাম বাদাম। এই সকলোবোৰ মিলি প্ৰতিদিনে প্ৰায় ৫হাজাৰ টকাৰ খাদ্য খায় আনমৌলে।

আনমৌলে প্ৰতিদিনে দুবাৰকৈ গা ধোৱে। গা ধোৱাৰ পাছতে আলমণ্ড অইল নহলে মিঠাতেলেৰে গা মালিচ কৰা হয় আনমৌলৰ। এটা ৰাজকীয় জীৱন যাপন কৰা আনমৌলৰ মূল্য সেয়েহে ধাৰ্য কৰা হৈছে ২৩কোটি। কিয়নো যিয়ে ক্ৰয় কৰে তেওঁ পিছৰ পৰ্যায়তো আনমৌলৰ বাবদ প্ৰতিদিনাই খৰছ কৰিব লাগিব কেইবা হাজাৰ টকা। অৱশ্যে ইয়াৰ পূৰ্বে মেৰঠত আয়োজিত অখিল ভাৰতীয় কৃষক মেলাতো চৰ্চালৈ আহিছিল আনমৌল। 

ম'হ যুঁজ