ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ যোগ দিৱস উদযাপন...

ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ যোগ দিৱস উদযাপন...

Published on

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেহা থাকিলেহে বেহা আৰু স্বাস্থ্য পৰম ধন বুলি আমি আটায়ে গণ্য কৰো। এই চিৰন্তন সত্য আৰু অমূল্য বাণীক সাৰোগত কৰি আমি সকলোৱে পৰাপক্ষত সজাগ সচেতন হৈ নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাৰ চেষ্টা কৰো। যদিওবা এই চেষ্টা যোগ সাধনাৰ জৰিয়তে প্ৰাচীন কালৰ পৰাই আমাৰ সমাজত চলি আছে। এই যোগ সাধনা আৰু যোগ চৰ্চাৰ এই প্ৰচেষ্টাক সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো স্তৰলৈ নিয়াৰ বাবে ২০১৪চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত অতি ব্যাপকভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হৈছে।

শুকুৰবাৰে যোগ চৰ্চাই এক জন আন্দোলনৰ ৰূপ লৈছে আৰু এয়া এক শুভ লক্ষণ। এই দশম বৰ্ষৰ যোগ দিৱসৰ মূল মন্ত্ৰ হ'ল নিজৰ আৰু সমাজৰ বাবে যোগ। এই মূলমন্ত্ৰক সাৰোগত কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষত "ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থা"ই সংস্থাৰ নিজা ভৱনত এক যোগ চৰ্চা শিবিৰৰ আয়োজন কৰে।

স্থানীয় বয়োজ্যেষ্ঠ যোগ বিশেষজ্ঞ আৰু যোগসাধক ডা : জ্যোতিপ্ৰসাদ বৰাই পৰিচালনা কৰা এই যোগ চৰ্চা শিবিৰত সংস্থাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, উপ সভাপতি জ্যোতিষ চন্দ্ৰ শৰ্মা, সম্পাদক কন্দৰ্প কুমাৰ নাথ, সহ:সম্পাদক লক্ষেশ্বৰ পাঠক, সাংগঠনিক সম্পাদক ক্ৰমে দিগম্বৰ ভূঞা আৰু প্ৰভাত চন্দ্ৰ ডেকা, কোষাধ্যক্ষ উমেশ চন্দ্ৰ দত্ত‌‌‌ প্ৰমূখ্যে বহু সংখ্যক কাৰ্যনিৰ্বাহক সদস্য, সাধাৰণ সদস্য আৰু স্থানীয় আগ্ৰহী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

যোগ বিশেষজ্ঞ ডা: জ্যোতিপ্ৰসাদ বৰাই বয়োজ্যেষ্ঠ সকলৰ বাবে সহজতে কৰিব পৰা যোগ সমূহৰ বিষয়ে বুজাই দিয়াৰ লগতে সিবিলাকৰ প্ৰদৰ্শন আৰু অনুশীলন কৰোৱায়। জ্যেষ্ঠ নাগৰিক সংস্থাৰ দ্বাৰা নিজাকৈ প্ৰথম বাৰ আয়োজন কৰা এই যোগ শিবিৰৰ বাবে বয়োজ্যেষ্ঠ সকলৰ লগতে স্থানীয় ৰাইজেও সন্তোষ্টি প্ৰকাশ কৰিছে।

ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ যোগ দিৱস উদযাপন...
পানীৰ সংকটত লাখ লাখ জনতাঃ অনশনত বহিল আতিশী মাৰ্লেনা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in