ডিজিটেল ডেস্কঃ ভাৰত আৰু ৰাছিয়াৰ মাজত বন্ধুত্বমূলক সম্পৰ্কৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ ঘনিষ্ঠতা আৰু বহুকেইটা গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন হোৱা ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু ভাৰতৰ অতিকৈ ঘনিষ্ঠ বন্ধু হিচাপে দাবী কৰা ৰাছিয়াই ভাৰতৰ সৈতে কৰিছে নেকি নিমখ হাৰামী! আগফালে ভাৰতৰ সৈতে ভালে থাকি, পিছফালে ভাৰতক অনিষ্ট কৰিবলৈ কূটকৌশল ৰচনা কৰিছে নেকি পুটিন নেতৃত্বাধীন ৰাছিয়াই। এই প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাছিয়াই শেহতীয়াকৈ কৰা এটা কামৰ পিছত।
প্ৰাপ্ত তথ্য তথা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ভাৰতৰ ঘনিষ্ঠ বুলি দাবী কৰা ৰাছিয়াই শেহতীয়াকৈ পাকিস্তানৰ সৈতে মিতিৰালি কৰিছে। কেৱল মিতিৰালিয়েই নহয়, পাকিস্তানৰ সৈতে অস্ত্ৰৰ আদান-প্ৰদানো কৰিছে ৰাছিয়াই। শেহতীয়াকৈ ফাদিল হোৱা তথ্য অনুসৰি, পাকিস্তানক ৰাছিয়াই বিক্ৰী কৰিছে ছুপাৰকেম ড্ৰোণ। অত্যাধুনিক এই ড্ৰোণৰ জৰিয়তে সীমান্তত চোৰাংচোৱাগিৰি কৰাৰ লগতে প্ৰয়োজনত আক্ৰমণো কৰিব পাৰে। ছুুুুপাৰকেম এছ ৩৫০নামৰ এই ড্ৰোণ ৭ঘন্টা আকাশত উৰিব পৰাৰ লগতে বহু কিলোমিটাৰ দূৰৰ লৈকে সংযোগ স্থাপন কৰিব পাৰে।
আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে সদৰি কৰা অনুসৰি, ৰাছিয়াত অনুষ্ঠিত সৈন্য বাহিনীৰ এখন বিশেষ ফৰামত এই অত্যাধুনিক ড্ৰোণবিধ বিক্ৰী কৰা হৈছে পাকিস্তানক। ৰাছিয়াই পাকিস্তানক বিক্ৰী কৰা এই ড্ৰোণ বিধৰ জৰিয়তে পাকিস্তানে ভাৰত সীমান্তত চোৰাংচোৱাগিৰিৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে বুলিও খবৰ প্ৰকাশ পাইছে।
এতিয়া জানো আহক, ছুপাৰকেম এছ-৩৫০ ড্ৰোণটো কিমান আক্ৰমণাত্মক। এই ড্ৰোণ সাত ঘন্টা ধৰি একেৰাহে উৰিব পাৰে আৰু হাই কোৱালিটীৰ ভিডিঅ নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰিব পাৰে। সুৰক্ষা, চোৰাংচোৱাগিৰি, মেপ প্ৰস্তুতকাৰী আৰু অপৰাধীৰ গতিবিধি নিৰ্ণয়ৰ ক্ষেত্ৰত বিভিন্ন উন্নত ৰাষ্ট্ৰই এই ছুপাৰকেম এছ ৩৫০ ড্ৰোণ ব্যৱহাৰ কৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ত এই চুুপাৰকেম এছ ৩৫০ ড্ৰোণৰ ব্যৱহাৰ হৈছিল। ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ব্যৱহাৰ কৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত অন্যতম আছিল এই চুুপাৰকেম এছ ৩৫০ ড্ৰোণ।
ইমান এক আক্ৰমণাত্মক যুদ্ধ সজুঁলি ৰাছিয়াই পাকিস্তানক কিয় বিক্ৰী কৰিলে তাক লৈ এতিয়া ভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। এই বছৰৰে জুলাই মাহৰ আৰম্ভণিতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহা ৰাছিয়াই মুখৰ আগত ভালৈ দেখাই, পিছফালে এনে শত্ৰুৰ কাম কিয় কৰিছে, তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে।