ৰাছিয়ান হেকাৰে JEE পৰীক্ষাত ৮২০ পৰীক্ষাৰ্থীৰ হৈ কৰিছিল ৰিগিং...

চি বি আইৰ তদন্ত বিস্ফোৰক তথ্য...
CBI
CBI
Published on
Updated on

ডিজিটেল ডেস্কঃ জে ই ই পৰীক্ষাত ৰিগিঙৰ এক ভয়ংকৰ তথ্য উন্মোচন হৈছে। চি বি আইয়ে গ্ৰেপ্তাৰ কৰা এগৰাকী ৰাছিয়ান নাগৰিকে আগবঢ়োৱা তথ্যৰ আধাৰত এই ভয়ংকৰ তথ্য ফাদিল হৈছে। উল্লেখ্য যে চি বি আয়ে জে ই ই পৰীক্ষাত ৰিগিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মিখাইল শ্বাৰগিন নামৰ এজন লোকক।

ৰাছিয়ান হেকাৰ মিখাইল শ্বাৰ্গিনক দিল্লীৰ এখন আদলতে আই আই টিৰ দৰে ভাৰতৰ শীৰ্ষ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা জে ই ই-মেইনত ৰিগিং কৰাৰ অভিযোগত দুদিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। আনহাতে জে ই ই পৰীক্ষাত ৰিগিং কৰাৰ অপৰাধত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে মুঠ ২৪ জন লোক।

চি বি আইৰ আগত ৰাছিয়ান নাগৰিক মিখাইল শ্বাৰ্গিনে প্ৰকাশ কৰা অনুসৰি তেওঁ মুঠ ৮২০ জন পৰীক্ষাৰ্থীক ৰিগিং কৰাত সহায় কৰিছিল। চি বি আইয়ে প্ৰকাশ কৰা মতে প্ৰথমে মিখাইল শ্বাৰ্গিনে তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in