অশোক গেহলট দিল্লীলৈঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে শচীন পাইলট...

আজি ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰে বৈঠক অশোক গেহলটৰ...

author-image
Asomiya Pratidin
New Update
অশোক গেহলট দিল্লীলৈঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে শচীন পাইলট...

sachin pailot

ডিজিটেল ডেস্কঃ ভাগ্য উদয় হৈছে শচীন পাইলটৰ ! সকলো ঠিকে থাকিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব কংগ্ৰেছৰ এইগৰাকী প্ৰতিভৱান যুৱ ৰাজনীতিবিদ। বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ সম্ভাৱনীয়তা প্ৰৱল হৈ পৰাৰ বাবেই শচীন পাইলটৰ বাবে আহিছে এই সুযোগ।

সন্মুখত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি। গান্ধী পৰিয়ালৰ অনুগ্ৰহ তথা পৰামৰ্শত সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সন্মত হৈছে অশোক গেহলট। প্ৰথম অৱস্থাত তেওঁ সভাপতি নিৰ্বাচিত হ'লেও মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে বুলি এক আকোৰগোজ স্থিতিত আছিল যদিও শেহতীয়াকৈ নিজৰ স্থিতি সলনি কৰিছে অশোক গেহলটে।

আজি কংগ্ৰেছ সাংসদ তথা ভাৰত জোড়ো আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা ৰাহুল গান্ধীয়ে কেৰালাৰ পৰা দিল্লীলৈ ৰাওনা হৈছে। একেখন বিমানতে দিল্লীলৈ গেছে অশোক গেহলটো। ভাৰত জোড়ো যাত্ৰাৰ আজিৰ জিৰণীৰ দিন হোৱা হেতুকে ৰাহুল গান্ধীয়ে দিল্লীত মাতৃ তথা কংগ্ৰেছৰ বৰ্তমানৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰিংয়কা গান্ধীৰ লগত এক বৈঠকত মিলিত হ'ব। এই বৈঠকত অশোক গেহলটেও অংশগ্ৰহণ কৰিব।

অশোক গেহলটৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰাজস্থানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰাজেন্দ্ৰ গুড়াই ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এক ইংগিত প্ৰদান কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শচীন পাইলট পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'লে তেওঁলোকৰ কোনো মতবিৰোধ নাথাকিব।

ৰাজেন্দ্ৰ গুড়াৰ এই মন্তব্যৰ পিছতে এতিয়া ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পথত যে শচীন পাইলট সেই কথা একপ্ৰকাৰে স্পষ্ট হৈছে। ইফালে দিল্লীত আজি অনুষ্ঠিত হোৱা বৈঠকতে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম স্থিৰ কৰা হ'ব।

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন সুদীৰ্ঘ ২০ বছৰৰ মূৰত অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে। এই নিৰ্বাচনত এইবাৰ গান্ধী পৰিয়ালৰ কোনো সদস্যই অংশগ্ৰহণ নকৰাটো নিশ্চিত হৈছে।

কংগ্ৰেছৰ জি-২৩ গোটৰ অন্যতম সদস্য তথা জনপ্ৰিয় ৰাজনৈতিক ব্যক্তিত্ব শশী থাৰুৰেও এই নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱাতো নিশ্চিত। শেহতীয়াকৈ এই নিৰ্বাচনত অংশগ্ৰহণৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথ আৰু দিগ্বীজয় সিঙেই ইচ্ছা প্ৰকাশ কৰিছে বুলি প্ৰকাশ পাইছে।

অৱশ্যে দিগ্বীজয় সিঙে শশী থাৰুৰক এই নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বুলি তেওঁ নিজেই প্ৰকাশ কৰাক কেন্দ্ৰ কৰি দিগ্বীজয় সিঙে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি হোৱা চৰ্চাক অমূলক বুলিও আখ্যা দিব পাৰি।

congress rahul gandhi rajasthan sonia gandhi ashok gehlot sachin pailot