সাহিত্য একাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণাঃ অসমীয়া আৰু বড়ো ভাষাত মুঠ চাৰিগৰাকীলৈ বঁটা

সাহিত্য একাডেমীয়ে আজি আনুষ্ঠানিকভাৱে সাহিত্য একাডেমী যুৱ আৰু শিশু সাহিত্যৰ বঁটাসমূহ ঘোষণা কৰিছে। অসমীয়া আৰু বড়ো ভাষাত দুয়োটা শিতানতে মুঠ চাৰিগৰাকীয়ে লাভ কৰিছে বঁটা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সাহিত্য একাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণাঃ অসমীয়া আৰু বড়ো ভাষাত চাৰিগৰাকীলৈ বঁটা

ডিজিটেল ডেস্কঃ সাহিত্য একাডেমীয়ে আজি আনুষ্ঠানিকভাৱে সাহিত্য একাডেমী যুৱ আৰু শিশু সাহিত্যৰ বঁটাসমূহ ঘোষণা কৰিছে। সেই অনুসৰি অসমীয়া ভাষাত ২০২৫ বৰ্ষৰ শিশু সাহিত্য বঁটা লাভ কৰিছে সুৰেন্দ্ৰ মোহন দাসে।দাসক তেওঁৰ গ্ৰন্থ 'মইনাহঁতৰ পদ্য'ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

আনহাতে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে সুপ্ৰকাশ ভূঞালৈ। তেওঁৰ ‘কুঁচিয়ানামা’ গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। বড়ো ভাষাত ‘আং অসুৰ’ কাব্য গ্ৰন্থৰ বাবে অমৰ খুংগুৰ বড়োলৈ আগবঢ়োৱা হৈছে সাহিত্য একাডেমীৰ যুৱ বঁটা।

তাৰোপৰি ‘খান্থি বাউছন আৰ আখো ডানাই’ গ্ৰন্থৰ বাবে বিনয় কুমাৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য বঁটা।
উল্লেখ্য যে, ২০২৫ বৰ্ষত সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ মুঠ ২৩ ভাষাত ২৩ গৰাকী যুৱ লেখকলৈ আগবঢ়োৱা হৈছে।

এইবাৰ অসমীয়া ভাষাৰ যুৱ পুৰস্কাৰ এই বঁটাৰ বাবে নিৰ্ণায়ক মণ্ডলিত আছিল অংকুৰ ডেকা, ড০ দীপ্তি পাটগিৰি আৰু সঞ্জীৱ কুমাৰ ফুকন। বড়ো ভাষাত নিৰ্ণায়ক মণ্ডলিত আছিল ধনশ্ৰী স্বৰ্গীয়াৰী, ৰশ্মী চৌধুৰী আৰু ডাঃ তুলান মুছাহাৰী। 

সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটাৰ বাবে অসমীয়া ভাষাত নিৰ্ণায়ক মণ্ডলিত আছিল  ড০ জ্যোতিৰেখা হাজৰিকা, ৰথিন্দ্ৰনাথ গোস্বামী আৰু শান্তনু তামুলী। বড়ো ভাষাত নিৰ্ণায়ক মণ্ডলিত আছিল এৰন ৰাজা বসুমতাৰী, এম সুংগুৰ বড়ো আৰু তমসিং ব্ৰহ্ম। 

sahitya akademi

sahitya akademi award

সাহিত্য একাডেমী