২০২৫ ৰ সাহিত্য অকাডেমি ভাৰতীয় যুৱ পুৰস্কাৰৰ বাবে যুৱ লেখক-লেখিকাৰ স্বৰচিত গ্ৰন্থৰ আহ্বান...

২০২৫ ৰ সাহিত্য অকাডেমি ভাৰতীয় যুৱ পুৰস্কাৰৰ বাবে যুৱ লেখক-লেখিকাৰ স্বৰচিত গ্ৰন্থৰ আহ্বান...

author-image
Asomiya Pratidin
New Update
২০২৫ ৰ সাহিত্য অকাডেমি ভাৰতীয় যুৱ পুৰস্কাৰৰ বাবে যুৱ লেখক-লেখিকাৰ স্বৰচিত  গ্ৰন্থৰ আহ্বান...

ডিজিটেল ডেস্কঃ প্ৰতি বছৰৰ দৰে এইবাৰো অৰ্থাৎ ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি ভাৰতীয় যুৱ পুৰস্কাৰৰ বাবে যুৱ লেখক-লেখিকা, প্রকাশকৰ পৰা স্বৰচিত গ্রন্থ আহ্বান কৰিছে সাহিত্য অকাডেমিয়ে। বৃহস্পতিবাৰে এই সন্দৰ্ভত সাহিত্য অকাডেমিয়ে এখন প্ৰেছ বিজ্ঞপ্তি মুকলি কৰে । সাহিত্য অকাডেমিৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত ২৪ টা ভাষাৰ ৩৫ বছৰ বয়সৰ অথবা ৩৫ বছৰৰ অনুৰ্দ্ধ ভাৰতীয় যুৱ লেখক-লেখিকাই এই পুৰস্কাৰৰ বাবে আবেদন কৰিব পাৰিব বুলি প্ৰেছ বিজ্ঞপ্তিত জনায়।

লগতে উল্লেখ কৰে যে, লেখকৰ বয়স ১ জানুৱাৰী, ২০২৫ ৩ ৩৫ বছৰ অথবা কম হ'ব লাগিব। আবেদন জমা দিয়াৰ অন্তিম তাৰিখ অহা ৩১ আগষ্ট, ২০২৪। আবেদনকাৰীয়ে দুখনকৈ গ্রন্থ, জন্মৰ তাৰিখৰ প্ৰমাণ পত্ৰ সহ (আধাৰ কাৰ্ড/পাচপোর্ট/দ্রাইভিং লাইচেঞ্চ/ভোটাৰ কার্ড) জমা দিব লাগিব। পুৰস্কাৰ সম্বন্ধীয় নিয়মাৱলী বাবে আবেদনকাৰীয়ে সাহিত্য অকাডেমিৰ ৱেবছাইট http://sahitya-akademi.gov.in ৰ সহায় ল'ব পাৰে।

উল্লেখযোগ্য যে সাহিত্য অকাডেমিয়ে ২০১১ বৰ্ষৰ পৰাই ৩৫ বছৰ আৰু তাতোকৈ অনুর্দ্ধ বয়সৰ যুৱ লেখকক উৎসাহিত কৰাৰ মানসেৰে অকাডেমিৰ দ্বাৰা স্বীকৃত ভাষাত যুৱ লেখকৰ দ্বাৰা প্ৰণিত শ্রেষ্ঠ গ্রন্থক বঁটা প্ৰদান কৰি আহিছে। অকাডেমিৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত ভাষা সমূহ হ'ল-অসমীয়া, বাংলা, বড়ো, ডোগ্রী, ইংৰাজী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কোংকনী, মৈথিলী, মালয়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, পাঞ্জাৱী, ৰাজস্থানী, চাওতালী, সংস্কৃত, সিন্ধি, তামিল, তেলেগু আৰু উর্দু এই পুৰস্কাৰ বিশেষ সমাৰোহত প্ৰদান কৰা হ'ব। পুৰস্কাৰত আছে ৫০,০০০ ধনৰাশি, তামৰ ফলক আৰু এখন প্রশস্তি পাত্র।

sahitya academy