ডিজিটেল সংবাদ নলবাৰী: অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ দুমাহৰ দৰমহা মুকলি কৰি দিয়া হৈছে । জাতীয় শিক্ষা সংসদৰ পুঁজিৰ পৰা ১৫ লাখ টকা ঋণ লৈ এই দৰমহা আদায় দিয়া হৈছে ।
অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ সপ্তম পূৰ্ণাংগ নলবাৰী অধিবেশনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰি আজি নলবাৰীত এই মন্তব্য আগবঢ়ায় সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত শৰ্মাই আকৌ কয় যে, সাহিত্য সভাৰ কৰ্মচাৰীয়ে এতিয়া অসম সাহিত্য সভাৰ অধিৱেশন তথা নলবাৰী কাৰ্যনিৰ্বাহকত সহযোগ কৰিব ।
ইফালে নলবাৰী কাৰ্যনিৰ্বাহকত সংবিধান সংশোধনীৰ প্ৰস্তাৱকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলিও দোহাৰে । সভাৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জিলা সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় নলবাৰী নাট্য মন্দিৰত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ জিলা পুথিভঁৰালত ভোট গণনা সম্পন্ন হ'ব।
মুখ্য নিৰ্বাচনী বিষয়া, প্ৰাক্তন ন্যায়াধীশ হৰেন্দ্ৰ নাথ বৰাই ২৪ ডিচেম্বৰৰ পুৱাই নিৰাপত্তা সহিতে নলবাৰীৰ সভাত উপস্থিত হ'ব। উদ্বোধনী অনুষ্ঠান মুকলি কৰিব নলবাৰীৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
ইয়াত ডাঃ বিপিন চন্দ্ৰ কলিতাৰ নেতৃত্বত স্মাৰক গ্ৰন্থ এখনো উন্মোচন কৰা হ'ব। আজিৰ সংবাদ মেলত আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গোবিন্দ কলিতা, সমন্বয়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, যুটীয়া সম্পাদক জোন বৰ্মন, কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰিত সদস্য ছহীৰ ভূঞা, ভাৰত ভূষণ মহন্ত আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ক্লিক কৰি পঢ়কঃ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদলঃ হৰমিট সিঙক বিশেষ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি...