ৰঙা পানীৰ নিচাত মাতাল হৈ ৰে'লত অসভ্যালি সেনা জোৱানৰ, পালেগৈ জেল..

ৰঙা পানীৰ নিচাত মাতাল হৈ ৰে'লত অসভ্যালি সেনা জোৱানৰ, পালেগৈ জেল..
Published on
Updated on

ডিজিটেল ডেস্কঃ মদৰ নিচাত ৰে’লত অসভ্যালি কৰি সেনা জোৱান পালেই কাৰাগাৰ। ডিব্ৰুগড়-দিল্লী অভিমুখী ২০৫০৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত মদ্যাপান কৰি এগৰাকী সেনা জোৱানে কৰিছিল অসভ্যালি। অতিষ্ঠ হৈ যাত্ৰীয়ে ৰেল আৰক্ষীক গতাই দিয়ে জোৱানজনক।

ৰে'ল আৰক্ষীয়ে তালাচী চলাই জোৱান গৰাকীৰ বেগৰ পৰা ৪টা মদৰ বটল উদ্ধাৰ কৰে। জোৱানজন ইমানেই মদ নিচাত আছিল যে, ৰে’ল আৰক্ষীৰ জোৱানকো তেওঁ প্ৰহাৰ কৰে।

শেহতীয়াকৈ ৰে'ল আৰক্ষীয়ে সদৰি কৰিছে যে, মদৰ নিচাত অসভ্যালি কৰা জোৱানজন হৈছে দেবেন্দ্ৰ দত্ত। ডিমাপুৰত কৰ্মৰত দত্ত অসম ৰাইফলছৰ এগৰাকী জোৱান। ৰাজধানী এক্সপ্ৰেছৰ শীত-তাৰ নিয়ন্ত্ৰিত কোঠা বি-৯ত যাত্ৰা কৰিছিল দেবেন্দ্ৰ দত্তই।

মদৰ নিচাত মাতাল হৈ প্ৰথমে যাত্ৰী আৰু পিছত টি টি ৰ সৈতেও অসভ্যালি কৰে জোৱানগৰাকীয়ে। অৱশেষত টিটিয়ে তেওঁক চমজাই দিয়ে ৰেল আৰক্ষীক। বৰ্তমান বিহাৰৰ সমস্তিপুৰ থানাৰ আলহী দেবেন্দ্ৰ দত্ত।

ৰঙা পানীৰ নিচাত মাতাল হৈ ৰে'লত অসভ্যালি সেনা জোৱানৰ, পালেগৈ জেল..
চিদলীত UPPLৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম! বি পি এফে অচিৰেই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in