BIG BREAKING- চামগুৰিৰ বিক্ষিপ্ত ঘটনাৰাজিক কেন্দ্ৰ কৰি নগাঁৱৰ দুই আৰক্ষী বিষয়াক বদলি...

চামগুৰিৰ বিক্ষিপ্ত ঘটনাৰাজিক কেন্দ্ৰ কৰি নগাঁৱৰ দুই আৰক্ষী বিষয়াক বদলি...

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, নগাওঁঃ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰি বিধানসভা সমষ্টিত বিগত দিনকেইটা নানান বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এক বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিছে।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ বাবে নগাঁও জিলাৰ দুই আৰক্ষী বিষয়াক বদলিকৰণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। নগাওঁ জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়া আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তক বদলিকৰণ জাননী ৰাজহুৱা কৰা হৈছে।

এই জাননীত দুয়োগৰাকী বিষয়কা তাতক্ষণিকভাৱে বদলি কৰাৰ লগতে অতি সোনকালে তেওঁলোকৰ স্থানত নতুন বিষয়াক নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰা হৈছে।

সেই নিৰ্দেশনা পত্ৰখন-

নগাওঁ