ডিজিটেল সংবাদ মাজুলী: মাজুলীৰ বালি জকাইবোৱা খেৰকটীয়া নৈত চলিছে অবৈধ বালিৰ খনন। নিৰ্বিকাৰ মাজুলী বন বিভাগ। অসাধু চক্ৰই চলোৱা হঠকাৰী কাৰ্যই ভাবুকি কঢ়িয়াই আনিছে বালি জকাইবোৱা অঞ্চললৈ।
খেৰকটীয়া নৈৰ পানী শুকুৱাৰ পিছতে একাংশ অসাধু চক্ৰটোৱে জনস্বাৰ্থলৈ আহিব পৰা ভাবুকিকো কোনো কেৰেপ নকৰাকৈ সক্ৰিয় হৈ পৰিছে এই অবৈধ বালি খনন কাৰ্যত। ফলত সোৱণশিৰি নৈৰ দ্বাৰা হ'ব পৰা সম্ভাব্য খহনীয়া অধিক ওচৰ চপাই অনা পৰিলক্ষিত হৈছে।
ইয়াৰ লগে লগে ইয়াৰ পৰা ১০০ মিটাৰ দৈৰ্ঘ্যৰ দূৰত্ব অৱস্থিত পকাজৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালি জকাইবোৱা,মিলি গাঁও, এজাৰগুৰি মিলি, কুলামুৱা চাপৰি, শিয়াল চাপৰি আদি বিভিন্ন গাঁৱলৈ প্ৰৱল ভাবুকি কঢ়িয়াই অনাটো নিশ্চিত। উল্লেখ্য যে,বালি জকাইবোৱা গাঁওখনৰ নিচেই কাষতে অৱস্থিত খেৰকটীয়া নৈৰ খহনীয়া আগ্ৰাসনে বিগত দশক দশক ধৰি বালি জকাইবোৱা অঞ্চলত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।
বিভিন্ন দল-সংগঠন তথা অঞ্চলবাসী ৰাইজৰ প্ৰৱল দাবী তথা আন্দোলনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্যিক জলসম্পদ বিভাগে প্ৰায় ২ কোটি ৬০ লাখ ব্যয় সাপেক্ষে বালি জকাইবোৱাৰ পৰা টেঙাগুৰিলৈ অত্যাধুনিক জিঅ'বেগ প্ৰকল্প ইতিমধ্যে ৰূপায়ণ সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন জলন্ত সমস্যাৰে জৰ্জৰিত বালি জকাইবোৱা অঞ্চলৰ পৰিস্থিতি বুজ লোৱাৰ উপৰিও বহুচৰ্চিত এই ২ কোটি ৬০ লাখ টকীয়া অত্যাধুনিক জিঅ'বেগ প্ৰকল্প আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ বাবে ২০২১ চনৰ ১৮ নৱেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বালি জকাইবোৱা গাঁৱৰ নিবাসী প্ৰণৱ পায়েংৰ মিচিং চাংঘৰত এনিশা কটাইছিল।
ইয়াতেই থাকি বিভিন্ন দল-সংগঠন তথা স্হানীয় ৰাইজৰ সৈতে এক আলোচনাত মিলিত হৈ জলন্ত সমস্যাবোৰৰ পৰ্যালোচনা চলাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বালি জকাইবোৱা অঞ্চলৰ জলন্ত সমস্যাৰাজি পৰ্যায় ক্ৰমে সমাধানৰ পদক্ষেপ লোৱাৰ সময়তে একাংশ অসাধু চক্ৰই মুখ্যমন্ত্ৰীৰ এই চিন্তাক অংগুষ্ট প্ৰদৰ্শন কৰি খেৰকটীয়া নৈৰ বালিৰ ওপৰত চলাইছে অবৈধ খনন।
এই ঘটনাই এতিয়া মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ মাজুলীৰ পকাজৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালি জকাইবোৱা অঞ্চলৰ ১২ খন গাঁৱৰ ৰাইজৰ চকুৰ নিদ্ৰা হৰিছে। স্হানীয় নৈপৰীয়া ৰাইজে বালিৰ অবৈধ খননৰ বিৰুদ্ধে দীৰ্ঘদিন বিৰোধিতা কৰি আহিছে যদিও স্থানীয় ৰাইজৰ আহ্বানৰ প্ৰতি কোনো কেৰেপ নকৰাকৈ অবৈধ ব্যৱসায়ী চক্ৰটোৱে বীৰদৰ্পে খেৰকটীয়া নদীত জধে-মধে বালি খান্দি নদীপৰীয়া ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি চৰম ভাবুকি নমাই আনিছে।
ধূৰন্ধৰ বালি মাফিয়া চক্ৰটোৰ এনে হঠকাৰী কাৰ্যত স্তম্ভিত হৈ মাজুলীৰ বন বিভাগক ভয়ংকৰ কাণ্ডটোৰ কথা বাৰম্বাৰ অৱগত কৰি আহিছে মাজুলী বন সংমণ্ডলৰ অধীনৰ বিষয়া তথা বনকৰ্মীক। অবৈধ খননৰ পৰ্যবেক্ষণ কৰি নদীৰ পাৰত দ'মাই থোৱা বালিৰ দ'ম সমূহ জোখ-মাখ কৰি বালি খনন কাৰ্যৰে জড়িত দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ মৌখিক আশ্বাস স্থানীয় ৰাইজক দি আহিছিল যদিও ৰহস্যজনক কাৰণত সেই দিন ধৰি বন বিভাগে ঘটনাটো পৰ্যবেক্ষণ নকৰাত অধিক উৎসাহিত হৈছে এই বালি খনন চলোৱা চক্ৰটো।
দীৰ্ঘদিন ধৰি খেৰকটীয়া নৈৰ বালি খননৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত এই প্ৰতিবেদকে মাজুলী বন-সংমণ্ডল কাৰ্যালয়ৰ জিলা বন বিষয়া জয়ৰাম বৰুৱাৰ সৈতে টেলিফোন যোগোযোগ কৰোতে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে।
ক্লিক কৰি পঢ়কঃ গুৰুজনাৰ জন্মস্থানত বেদখলকাৰীক উচ্ছেদঃ বিধানসভাৰ বাহিৰত AIUDF ৰ প্ৰতিবাদ..