চিকিৎসক হত্যাকাণ্ডঃ পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হব লাগিব পাৰে সন্দীপ ঘোষ...

চিকিৎসক হত্যাকাণ্ডঃ পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হব লাগিব পাৰে সন্দীপ ঘোষ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হব লাগিব পাৰে কলকাতাৰ আৰ জি কৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। চিবিআই সূত্ৰে পোৱা তথ্য অনুসৰি বাৰে বাৰে ভাষ্য সলনি কৰিছে ঘোষে। পলিগ্ৰাফ টেষ্টৰ সিদ্ধান্ত গ্ৰহণ কৰা পূৰ্বে প্ৰথমে বৈঠকত বহিব কেন্দ্ৰীয় তদন্তকাৰী দল। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

চিবিআইৰ পৰা পোৱা তথ্য অনুসৰি, আৰ জি কৰ মেডিকেল কলেজত সংঘটিত হত্যাকাণ্ডৰ ভুক্তভোগী পৰিয়ালৰ পৰা পোৱা তথ্য বা ভাষ্যৰ সৈতে মিল নাই সন্দীপ ঘোষৰ যি ভাষ্যৰ।

সেয়ে নতুনকৈ সন্দীপ ঘোষক জেৰা কৰি কিছু তথ্য ৰেকৰ্ড কৰিছে চিবিআয়ে। লগতে ভুক্তভোগীৰ ঘৰত উপস্থিত হৈও পুনৰ বাষ্য গ্ৰহণ কৰে চিবিআই টীম।

আনহাতে পলিগ্ৰাফ টেষ্ট সন্দৰ্ভত চিবিআয়ে জনাই যে, সমগ্ৰ সোধা-পোছা প্ৰক্ৰিয়াৰ ভিডিঅ’গ্ৰাফী কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগীৰ পৰিয়ালৰ ভাষ্যৰ ভিত্তিত সন্দীপ ঘোষৰ ভাষ্য ৰেকৰ্ড কৰা হ’ব।

সকলো মিলাই চোৱা হ’ব। লগতে যিসমূহ তথ্য এতিয়াও আধৰুৱা বা অমিল আছে, সেই সকলোবোৰ তথ্য পুনৰ পৰীক্ষা কৰা হ’ব।

চিকিৎসক হত্যাকাণ্ডঃ পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হব লাগিব পাৰে সন্দীপ ঘোষ...
গুৱাহাটীক বানমুক্ত কৰিব নেদাৰলেণ্ডৰ কোম্পানীয়ে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in