মধুপুৰ সত্ৰত বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি পালন

মধুপুৰ সত্ৰত বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি পালন
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: সাংস্কৃতিক নৱপ্ৰমূল্যৰে এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি বৃহত্তৰ অসমৰ জন জীৱন তথা সমাজ জীৱনক একত্ৰিত কৰা একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংস্কাৰক, সু-গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা অৱতাৰী পুৰুষ হিচাপে বিভূষিত জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি। বুধবাৰে মহাপুৰুষজনাৰ মহাপ্ৰয়াণ ঘটা কোচবিহাৰৰ মধুপুৰ সত্ৰত ৪ ছেপ্টেম্বৰত দিনযোৰা কাৰ্য্যসূচীৰে তিৰোভাৱ তিথি পালন কৰা হয়।

অসম সত্ৰ মহাসভা উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, পুৱা ৮ বজাত গুৰু ভটিমা আৰু প্ৰসংগ পৰিৱেশনেৰে উত্তৰবংগৰ মধুপুৰ অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলা হয়। পুৱা ৯ বজাৰ পৰা মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ পৰিচালনাত ভাগৱৎ পাঠ কৰাৰ লগতে ৰাতিপুৱা ১১ বজাৰ পৰা মধুপুৰ সত্ৰৰ বংগ ভাষী আয়তিসকলে গুৰুজনাৰ অনুপম সৃষ্টি নাম পৰিৱেশন কৰে।

আবেলি ৪ বজাত সত্ৰৰ ভকতসকলে পৰিৱেশন কৰা থিয় নামেৰে কাৰ্য্যসূচীৰ অন্ত পৰে। তিৰোভাৱ তিথিৰ এই কাৰ্য্যসূচীত শংকৰী কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত জড়িত থকা কেইবাগৰাকীও বিশিষ্ট লোকৰ লগতে উত্তৰবংগত ইতিমধ্যে প্ৰতিষ্ঠা হোৱা বিভিন্ন নামঘৰৰ শতাধিক ভকত-বৈষ্ণৱে অংশ গ্ৰহণ কৰাৰ উপৰিও অসম সত্ৰ মহাসভাৰ উপদেষ্টা উদ্ধৱচন্দ্ৰ দাস, বৰপেটা সত্ৰৰ বিশিষ্ট সত্ৰীয়া সাংস্কৃতিক সংগঠক হৰিদেৱ দাস, পুলিন কুমাৰ পাঠক আৰু বৰপেটাৰোড শাখা সত্ৰৰ একনিষ্ঠ সেৱক তথা মধুপুৰ সত্ৰৰ সাৰ্বিক উন্নয়নৰ ক্ষেত্ৰত সেৱা আগবঢ়াই থকা বনমালী পাঠকে অংশ গ্ৰহণ কৰে।

মধুপুৰ সত্ৰত বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি পালন
প্ৰেছ গীল্ড ঢকুৱাখনাত মন্ত্ৰী ডাঃ ৰণোজ পেগু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in