ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰাজ্যখনৰে একক আৰু বৃহৎ ধৰ্মীয় অনুষ্ঠান হিচাপে স্বীকৃত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিবেশন খনি এইবাৰ জামুগুৰিহাটত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে৷ জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰীৰ সুবিশাল পথাৰত ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হব লগা অধিৱেশন খনিক লৈ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ তেজপুৰ জিলা সমিতি খনে ইতিমধ্যেই ব্যাপক প্ৰস্তুতি চলাইছে।
বিগত ২০২২ বৰ্ষৰ পৰাই অধিবেশন খনিৰ প্ৰাথমিক পৰিকল্পনা অব্যাহত ৰখাৰ পিছত দেওবাৰে বিয়লি শ্ৰীমন্তশঙ্কৰদেৱৰ সংঘৰ জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত অনুষ্ঠিত হয় এখনি বিশাল ৰাজহুৱা সভা৷ অধিবেশনৰ প্ৰস্তুতি কমিটিৰ সভাপতি প্ৰভাকৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাই অধিবেশনখনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত বিস্তৃত ভাৱেই আলোচনা কৰে।
সংঘৰ জামুগুৰি আঞ্চলিকৰ সম্পাদক বিপুল বৰাই কয় যে -চাৰি কোটিৰো অধিক টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'ব লগা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিবেশন খনিত স্মৃতিগ্ৰন্থৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচনীৰো ব্যৱস্হা গ্ৰহন কৰা হ'ব ।
অঞ্চলটোৰ ডেৰ কুৰিৰো অধিক ধৰ্ম্মীয় অনুষ্ঠান তথা দুই শতাধিক ৰাইজ ও আইমাতৃৰ উপস্থিতিত অনুষ্ঠিত সভাত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামী, জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ণ শইকীয়া, জামুগুৰি আঞ্চলিক ব্ৰাক্ষ্মণ সমাজৰ সভাপতি শৈলেন বৰকটকী, একশৰণ ভাগৱতী সমাজৰ সভাপতি ভূপেন দাস কে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷