মণিপুৰৰ তামেংলঙত ১১টা বিশ্ব পৰিভ্ৰমী আমুৰ ফেলকন পক্ষীক ছেটেলাইট ট্ৰান্সমিচন টেগ

মণিপুৰৰ তামেংলঙত ১১টা বিশ্ব পৰিভ্ৰমী আমুৰ ফেলকন পক্ষীক ছেটেলাইট ট্ৰান্সমিচন টেগ

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ তামেংলঙত ১১টা বিশ্ব পৰিভ্ৰমী আমুৰ ফেলকন পক্ষীক ছেটেলাইট ট্ৰান্সমিচন টেগ

ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰৰ তামেংলঙত দেওবাৰে চিউলুৱান গাঁৱত ১১টা বিশ্ব পৰিভ্ৰমী চৰাই আমুৰ ফেলকনৰ ছেটেলাইট টেগ কৰি এৰি দিয়া হয় ‌। এই আমুৰ ফেলকনবোৰ চিউলুৱান ৰুষ্টিং ছাইটৰ পৰা ডেৰাডুনৰ বিজ্ঞানী এফ, ডব্লিউ আই আই ডাঃ সুৰেশ কুমাৰৰ নিৰ্দেশনাত টামেংলং বন সংমণ্ডল আৰু স্থানীয় স্বেচ্ছাসেৱকৰ এটা দলে ধৰি কৰে।

তাৰ পিছত মণিপুৰৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন অনুৰাগ বাজপেয়ীৰ অনুমোদন সাপেক্ষে দুটা আমুৰ ফেলকনক চিউলুৱান২ আৰু গুৱাংগ্ৰাম নামেৰে নামাকৰণ কৰা হয় আৰু ছেটেলাইট ট্ৰেন্সমিটাৰেৰে টেগ কৰা হয়।

চিউলুৱান২ আৰু গুয়াংগ্ৰাম মণিপুৰৰ তামেংলং জিলাৰ আমুৰ ফেলকন জিৰণি লোৱাৰ দুখন গুৰুত্বপূৰ্ণ গাঁৱ। এই ছেটেলাইট টেগ কৰা আমুৰ ফেলকন তামেংলঙৰ সংমণ্ডল বন বিষয়া হিটলাৰ সিঙৰ উপস্থিতিত ড০ সুৰেশ কুমাৰ, জোৱেল গাংমেই আৰ এফ অ’ টামেংলং, অধ্যক্ষ, চিউলুৱান গাঁৱৰ গাঁও কৰ্তৃপক্ষৰ সদস্য, ৰেইনফৰেষ্ট ক্লাব তামেংলংৰ সদস্য আৰু তামেংলং বন সংমণ্ডলৰ কৰ্মচাৰীৰ উপস্থিতিত মুকলি কৰি দিয়া হয়।

আমুৰ ফালকন টেগ কৰা দুটা ছেটেলাইট ট্ৰেন্সমিটাৰৰ উপৰিও pfa.manipur@gmail.com ৰ সৈতে ৰিং কৰা ৰিয়াংছুয়ানেই আৰু লাইছানা নামৰ দুটা আমুৰ ফেলকনসহ অন্য সাতটা আমুৰ ফেলকনকো মুকলি কৰি দিয়া হয়। আটাইকেইটা আমুৰ ফেলকনতো চি৫৮৩৫২ৰ পৰা চি৫৮৩৬২লৈকে বিএনএইচএছ আঙঠি দিয়া হৈছে।

Also Read: যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ভাষা গৌৰৱ সপ্তাহ উদযাপন

পক্ষী