ভোলানাথ হ'ব সন্তুষ্টঃ শাওণ মাহতে কপাল ফুুঁলিব এই তিনি ৰাশিৰ...

ভোলানাথ হ'ব সন্তুষ্টঃ শাওণ মাহতে কপাল ফুুঁলিব এই তিনি ৰাশিৰ...
Published on
Updated on


ডিজিটেল ডেস্কঃ এতিয়া চলি আছে শাওণ মাহ। শাস্ত্ৰত উল্লেখ আছে যে, মহাদেৱ শিৱৰ সবাতোকৈ প্ৰিয় মাহ হৈছে শাওণ। এই শাওন মাহতে বহু ভক্তই নানান ৰীতি-নীতি মানি চলে। এই শাওণ মাহটোত ৩টা ৰাশিৰ জাতক-জাতিকাৰ ওপৰত থাকিব মহাদেৱৰ বিশেষ কৃপা। জানো আহক সেই ৰাশি কেইটা কি কি।

কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ স্বামী হৈছে চন্দ্ৰমা আৰু আৰাধ্য দেৱতা হিচাপে ধৰা হয় মহাদেৱক। যাৰ বাবে এই ৰাশিৰ জাতক-জাতিকাৰ ওপৰত শাওণ মাহটোত মহাদেৱৰ বিশেষ কৃপা বৰষিব। এই সময়চোৱাত কৰ্কট ৰাশি লোকৰ যথেষ্ট উন্নতিৰ যুগ আছে। যদিহে কৰ্কট ৰাশিৰ লোকে শাওণ মাহটোত শিৱলিংগত গাখীৰ ঢালে অধিক সুফল লাভ কৰিব।

মকৰ ৰাশিঃ এই ৰাশিকো ভগৱান শংকৰৰ ৰাশি বুলিয়ে গণ্য কৰা হয়। এই ৰাশিৰ স্বামী হৈছে শনি, যিয়ে ভগৱান শিৱক আৰাধ্য হিচাপে মানে। যাৰ বাবে এই মাহটোত মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট লাভজনক হিচাপে বিবেচিত হব। শাওণ মাহত এই ৰাশিৰ জাতক-জাতিকা সকলে পানীৰ সৈতে ডালি মিহলাই অভিষেক কৰিলে অধিক সুফল পাব।

কুম্ভ ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকাৰ স্বামী হিচাপে গণ্য কৰা হয় শনি দেৱক। যাৰ বাবে এই ৰাশিৰ ওপৰত মহাদেৱৰ কৃপা সদায়েই থাকে। যদিহে এই শাওণ মাহত পানীৰ সৈতে ক’লা তিল মিহলাই মহাদেৱক অভিষেক কৰে তেন্তে জীৱনত আৰু অধিক সুখ-সমৃদ্ধি বৃদ্ধি পাব।

ভোলানাথ হ'ব সন্তুষ্টঃ শাওণ মাহতে কপাল ফুুঁলিব এই তিনি ৰাশিৰ...
লংকাৰ কাকীত ভূ মাফিয়াৰ তাণ্ডৱ, বয়োজ্যেষ্ঠ মহিলাকো কৰিলে আক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in