কলকাতাৰ ঘটনাঃ ফটো, নাম ব্যৱহাৰক লৈ তীব্ৰ অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ, দিলে কঠোৰ নিৰ্দেশ...

কলকাতাৰ ঘটনাঃ ফটো, নাম ব্যৱহাৰক লৈ তীব্ৰ অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ, দিলে কঠোৰ নিৰ্দেশ...
Published on
Updated on

ডিজিটেল ডেস্কঃ কলকাতাত সংঘটিত হোৱা নৃশংস ঘটনাৰ পীড়িত যুৱতীৰ ফটো, নাম আৰু ভিডিঅ ক্লীপ সকলো মাধ্যমৰ পৰা অচিৰেই আঁতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ মঙলবাৰে এক শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰিছে সবোচ্ছ ন্যায়ালয়ে। উল্লেখ কৰা প্ৰয়োজন যে, এই বিষয়টোক লৈ ইতিমধ্যে কলকাতা উচ্চ ন্যায়ালয়েও অনুৰূপ ৰায়দান কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, এই নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পাছতে দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত মুকলিকৈ ব্যৱহাৰ হৈছিল পীড়িত যুৱতীগৰাকীৰ নাম, ফটো আৰু ভিন্ন ভিডিঅ। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই উচ্চতম ন্যায়ালয়ে এক শুনানি নিজাববীয়াকৈ গ্ৰহণ কৰি এই ৰায়দান কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত ন্যায়াধীশ জে বি পাৰদিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা এই গোচৰৰ শুনানিতে কেৱল কলাকাতাই নহয়, হায়দৰাবাদ, আহমেদাবাদ, বিহাৰসহ আন আন ঠাইত চিকিৎসক এইদৰে আক্ৰান্ত হ’বলগীয়া হৈছে বুলিও কয়। সেয়ে চিকিৎসকৰ সুৰক্ষাৰ সন্দৰ্ভত এই তিনিজনীয়া বিচাৰপীঠে এক ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ প্ৰদান কৰিছে।

এই টাস্ক ফ’ৰ্চে তিনি সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। জাতীয় টাস্ক ফ’ৰ্চৰ সদস্য হিচাপে থাকিব কেন্দ্ৰীয় সচিবসকল। তাৰোপৰি এই ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চৰ তত্বাৱধান কৰিব কেন্দ্ৰীয় সচিব, গৃহ সচিব, স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ (এন এম চি) অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰীক্ষক পৰিষদৰ সভাপতিয়ে।

কলকাতাৰ ঘটনাঃ ফটো, নাম ব্যৱহাৰক লৈ তীব্ৰ অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ, দিলে কঠোৰ নিৰ্দেশ...
চিকিৎসকৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চ গঠন উচ্চতম ন্যায়ালয়ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in