অসমৰ 'এনকাউন্টাৰ'ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি...

অসমৰ 'এনকাউন্টাৰ'ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমত সংঘটিত হোৱা এনকাউন্টাৰক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে। ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ উজ্জল ভূঞৰ আদালতে এনকাউন্টাৰ প্ৰসংগত শুনানি গ্ৰহণ কৰি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ আৰু ৰাজ্য চৰকাৰক ১০০ৰো অধিক গোচৰৰ তদন্তৰ প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

প্ৰায় ১৭১টা গোচৰৰ তদন্তৰ প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। এই বিষয়টোক লৈ ন্যায়ালয়ে পৰৰ্ৱতী শুনানি গ্ৰহণ কৰিব অহা ২৬নৱেম্বৰ, ২০২৪ত। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত সংঘটিত ভুৱা এনকাউন্টাৰক লৈ উচ্চতম ন্যায়ালয়ে বহুবাৰ জবাবদিহি কৰিছে ৰাজ্য চৰকাৰক।

অসমৰ 'এনকাউন্টাৰ'ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি...
আয়'ডিনৰ অভাৱ : মৰিগাঁৱত বিশ্ব প্ৰতিৰোধ দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in