শিক্ষানুষ্ঠানত হিজাব বিতৰ্ক : উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিলে কমন ড্ৰেছ কোডৰ বাবে কৰা আৱেদন...

উচ্চতম ন্যায়ালয়ে দুজনীয়া বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায়

author-image
Asomiya Pratidin
New Update
শিক্ষানুষ্ঠানত হিজাব বিতৰ্ক : উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিলে কমন ড্ৰেছ কোডৰ বাবে কৰা আৱেদন...

COMMON DRESS CODE

ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ে 'কমন ড্ৰেছ কোড'ৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ন্যায়ালয়ে শিক্ষানুষ্ঠানৰ কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ বাবে কমন ড্ৰেছ কোড কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰাৰ যি ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন আছিল সেই আৱেদন অগ্ৰাহ্য কৰে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত গুপ্তা, শুধাংশু ধুলীয়াৰ বিচাৰপীঠে এই বিষয়টো আদলাতৰ মজিয়ালৈ আহিবই নালাগে বুলিও মন্তব্য কৰিছে।

উল্লেখ্য যে, নিখিল ভাটিয়াই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল। শেহতীয়াকৈ দেশত আৰম্ভ হোৱা হিজাব বিতৰ্কৰ বাবেই এই আৱেদন দাখিল কৰা হৈছিল।

এই আৱেদনৰ ভিত্তিতেই আজি অনুষ্ঠিত হোৱা শুনানিত অধিবক্তা গৌৰৱ ভাটিয়াই শিক্ষাৰ অধিকাৰ আইনৰ অধীনত কমন ড্ৰেছ কোডৰ বিষয়ে নিৰ্দেশনা বিচাৰিছিল। কিন্তু ইয়াৰ বিপৰীতে দুজনীয়া বিচাৰপীঠখনে এই আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ পূৰ্বে এই সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ত এই সন্দৰ্ৰভত এক আৱেদন দাখিল কৰা হৈছিল। এই আৱেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত পুনৰ আৱেদন দাখিল কৰা হৈছিল।

ন্যায়ালয়ত দাখিল কৰা আৱেদনখনত কেন্দ্ৰীয় চৰকাৰক ন্যায়িক আয়োগ অথবা বিশেষজ্ঞ পেনেল গঠনেৰে সামাজিক, অৰ্থনৈতিক ন্যায়, সমাজবাদ, ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰৰ মূল্যবোধৰ বীৰ ৰোপণ কৰাৰ এক পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ বিচাৰি শিক্ষাৰ্থীৰ মাজত ভাতৃত্ববোধ, ঐক্য, জাতীয় সংহতি আদি বিচাৰি নিৰ্দেশনা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

SUPREME COURT OF INDIA hijab controversy COMMON DRESS CODE