মেক ইন ইণ্ডিয়াৰ দৰে আঁচনিয়ে আকৰ্ষিত কৰিছে বিদেশী বিনিয়োগকাৰীক...

পথ, ৰে’ল, বন্দৰ আদিৰ আন্তঃ গাঁথনিৰ ক্ষেত্ৰত এতিয়া বিদেশী বিনিয়োগকাৰীও আকৰ্ষিত হৈছে। যাৰ ফলত ঘৰুৱা বিনিয়োগকাৰীসকলেও প্ৰতিযোগিতাত নামিব লগা হৈছে...

author-image
Asomiya Pratidin
New Update
make in ind

ডিজিটেল ডেস্ক : মেক ইন ইণ্ডিয়া আৰু অন্যান্য উৎপাদন সংযুক্ত অভিলাষী আঁচনিৰ বাবে দেশত বিদেশী বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। ইণ্ডাষ্ট্ৰী চেম্বাৰৰ সূত্ৰই সদৰী কৰিছে এই তথ্য। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেললৈ চি আই আইৰ সঞ্চালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জীয়ে লিখা এক বিশেষ পত্ৰত এই কথা উল্লেখ কৰা হৈছে।

পথ, ৰে’ল, বন্দৰ আদিৰ আন্তঃ গাঁথনিৰ ক্ষেত্ৰত এতিয়া বিদেশী বিনিয়োগকাৰীও আকৰ্ষিত হৈছে। যাৰ ফলত ঘৰুৱা বিনিয়োগকাৰীসকলেও প্ৰতিযোগিতাত নামিব লগা হৈছে। বিনিয়োগৰ ক্ষেত্ৰত বিদেশী বিনিয়োগকাৰীৰ এনে উপস্থিতিয়ে ভাৰতক সম্বৃদ্ধ কৰিছে।

বহু বিদেশী কোম্পানীয়ে এতিয়া দেশৰ পৰিসীমা ভেদ কৰি ভাৰতত বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে। এনে বিপুল বিনিয়োগৰ বাবে ভাৰতৰ উৎপাদন ক্ষমতা দ্ৰুতগতিত অগ্ৰসৰ হৈছে। ২০১৪-১৫ বৰ্ষত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৪৫.১৪ বিলিয়ন ডলাৰ আছিল যদিও ২০২৩-২৪ বৰ্ষত সেয়া ৭০.৯৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়।

৫ নবেম্বৰত লিখা এই পত্ৰখনত বেনাৰ্জীয়ে উল্লেখ কৰিছে যে অট’, ইলেক্ট্ৰনিকছ, যন্ত্ৰ- পাতি, ৰাসয়নিক সামগ্ৰী, জাহাজ, ৰে’লৱে আদি খণ্ডত ভাৰতৰ উৎপাদন ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে।

মেক ইন ইণ্ডিয়া