দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমি স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা

দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমি স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা

author-image
Asomiya Pratidin
New Update
দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমি স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা

ডিজিটেল সংবাদ, কামৰূপ: ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিদ্যালয় ভূমি স্বাস্থ্য শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়। কামৰূপ জিলা কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তথা সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আয়োজিত এই সজাগতা সভাত শিক্ষাৰ্থীসকলক ভূমি পৰীক্ষণৰ বাবে নমুনা সংগ্ৰহ, ভূমি স্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টি আৰু বহনক্ষম কৃষি পদ্ধতি সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়।

প্ৰশিক্ষণৰ সময়ত শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ কাষৰ কৃষিভূমিৰ পৰা পৰীক্ষণৰ বাবে নমুনাও সংগ্ৰহ কৰে। ভৱিষ্যৎ প্ৰজন্মক মাটিৰ স্বাস্থ্য সংৰক্ষণ আৰু বহনক্ষম কৃষি পদ্ধতি সম্পৰ্কে অৱগত কৰাই হৈছে এই বিদ্যালয় ভূমি স্বাস্থ্য কাৰ্যসূচীৰ মূল লক্ষ্য।

আজিৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৰৎচন্দ্ৰ কলিতাই আঁত ধৰা এই সজাগতা সভাখনত বিশিষ্ট অতিথি ৰূপে সহকাৰী আয়ুক্ত সাক্ষনা শৰ্মা, আই এ এচ, কামৰূপ জিলা কৃষি বিভাগৰ তৰফৰ পৰা মহকুমা কৃষি উন্নয়ন বিষয়া গিৰিণ শৰ্মা, বংশৰৰ কৃষি উন্নয়ন বিষয়া ভাস্বতী শৰ্মাৰ লগতে সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিশেষজ্ঞ ঋতুপৰ্ণ শইকীয়া আৰু অসম কৃষি সঞ্চালকালয়ৰ প্ৰগ্ৰেম অফিচাৰ কমল দাস উপস্থিত থাকে।

Also Read: বৰগাঙত হৰ ঘৰ ত্ৰিংৰগা কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত...

kamrup