নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ অভিভূত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ...

শিক্ষাগুৰুক কৃতজ্ঞতা জ্ঞাপন, ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ

author-image
Asomiya Pratidin
New Update
নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ অভিভূত  মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ...

কলিয়াবৰ উঃমাঃত সচিব পৱন কুমাৰ বৰঠাকুৰ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত মঙ্গলবাৰে নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ অভিভূত হ'ল অসম সচিবালয়ৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ। একালত নিজে অধ্যয়ন কৰা কলিয়াবৰৰ শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এসময়ত শিক্ষাদান কৰা শিক্ষাগুৰু সকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্য সচিব বৰঠাকুৰে গৰাকীয়ে।

সচিব গৰাকীক শিক্ষাদান কৰা জীৱিত অৱস্থাত থকা ৬ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে ৰামেশ্বৰ হাজৰিকা, ৰূপৰাম বৰুৱা,দিলীপ হাজৰিকা,ভোলা নেওগ,ভৱানন্দ বৰদলৈক নিজ হাতে সম্বৰ্ধনা জনোৱা লগতে প্ৰয়াত শিক্ষাগুৰু ক্ৰমে গনেশ চন্দ্ৰ উপাধ্যায়,পুস্পকান্ত বৰা,ফটিক ভড়ালী,ডিম্বেশ্বৰ কাকতি,হেম হাজৰিকাৰ প্ৰতিচ্ছবিতো শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে পৱন কুমাৰ বৰঠাকুৰে। শিক্ষাগুৰুসকলক সন্বৰ্ধনা জ্ঞাপনৰ পূৰ্বে শিক্ষাগুৰু সহিতে বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে এখন সভাতো মিলিত হয় তেওঁ।

একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে সচিব গৰাকী
একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে সচিব গৰাকী

ৰাজ্যৰ মুখ্য সচিব হিচাপে অধিষ্ঠিত হোৱা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ পৱন কুমাৰ বৰঠাকুৰে নিজে পঢ়া বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপতো মিলিত হয়। অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী ভাৰতী গগৈৰ সঞ্চালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে সোধা এলানি প্ৰশ্নৰ উত্তৰ দি নিজৰ শৈশৱ-কৈশোৰ আৰু শিক্ষাজীৱনৰ কথাও স্মৰণ কৰে তেওঁ।

ৰাজনীতিৰ প্ৰতি তেঁওৰ ধাৰণা সন্দৰ্ভত শিক্ষাৰ্থীয়ে কৰা এটি প্ৰশ্নৰ উত্তৰত কয়, ৰাজনীতিৰ প্ৰতি সৰ্বসাধৰণৰ ধাৰণা যথেষ্ট নেতিবাচক যদিও সেয়া অমূলক ৷ ৰাজনীতিয়ে এখন ৰাজ্যৰ তথা এখন দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে ৷ নেতৃত্ব বহন কৰা ব্যক্তিয়েহে নেতা হোৱাৰ যোগ্যতা অৰ্জন কৰে ৷ এই নেতাসকল যোগ্যতা সম্পন্ন সচেতন,দূৰদৰ্শী আৰু ৰাইজৰ প্ৰতি দায়বদ্ধ হ'লেই সমাজ, ৰাজ্য তথা দেশৰ প্ৰগতি ত্বৰাম্বিত হোৱাটো নিশ্চিত হয়।

বিদ্যালয়খনৰ একাংশ শিক্ষকৰ সৈতে প্ৰাক্তন ছাত্ৰ তথা সচিব বৰঠাকুৰ
বিদ্যালয়খনৰ একাংশ শিক্ষকৰ সৈতে প্ৰাক্তন ছাত্ৰ তথা সচিব বৰঠাকুৰ

উক্ত সভাতে শিক্ষক ভোগেশ্বৰ শইকীয়াই শিক্ষাৰ্থীৰ বৌদ্ধিক-মানসিক-শাৰিৰীক বিকাশ সাধনত বলিষ্ঠ ভূমিকা পালন কৰি অহা স্কাউট আৰু গাইডক অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহন কৰিবলৈ আহ্বান জনায় যাতে বহিঃৰাজ্যৰ স্কাউট আৰু গাইডৰ সৈতে অসমৰ ছাত্ৰ-ছাত্ৰী সকলে খোজত খোজ মিলাই আগবাঢ়ি যাব পাৰে ৷

উল্লেখ্য যে, ১৯৩৩ চনতে স্থাপিত কলিয়াবৰৰ প্ৰথমখন হাইস্কুল কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা অধ্যয়ন কৰি ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে ৩য় স্থান দখল কৰি সুনাম কঢ়িয়াই আনিছিল পৱন কুমাৰ বৰঠাকুৰে। নিজে শিক্ষাগ্ৰহণ কৰা বিদ্যালয়খনৰ শিক্ষাগুৰুসকলক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আয়োজন কৰা এই অনুষ্ঠানতে মুখ্য সচিবগৰাকীকো বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অভিনন্দন জনায়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গুৰু বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত শিক্ষা বিভাগৰ সঞ্চালিকা মমতা হোজাইৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস,নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথ,দণ্ডাধীশ ৰাজনিশ শৰ্মা কেইবাগৰাকীও প্ৰাক্তন শিক্ষক, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় লোকো উপস্থিত থাকে।

লক্ষ্য়ণীয় যে, শাৰিৰীক অসুস্থতাৰ হেতুকে সভাত উপস্থিত নথকা শিক্ষাগুৰু জিতেন্দ্ৰ লাল ধৰক একালৰ ছাত্ৰ তথা বৰ্তমানৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে শিক্ষক গৰাকীৰ শিলঘাটস্থিত বাসগৃহত উপস্থিত হৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

assam koliyabor paban kumar borthakur