পৰ্বতঝোৰাত বন বিভাগৰ অভিযানত মূল্যবান কাঠৰ কুণ্ডা জব্দ

সোমবাৰে পৰ্বতঝোৰাত বন বিভাগৰ মাৰথন অভিযানত মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰা হয়। লগতে বন বিভাগৰ এই অভিযানতে অবৈধ বালি ভৰ্তি বাহন জব্দ কৰা বুলি জানিব পৰা গৈছে ।

author-image
Asomiya Pratidin
New Update
মূল্যবান কাঠৰ কুণ্ডা জব্দ

মূল্যবান কাঠৰ কুণ্ডা জব্দ

ডিজিটেল সংবাদ, কোকৰাঝাৰ : সোমবাৰে পৰ্বতঝোৰাত বন বিভাগৰ মাৰথন অভিযানত মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰা হয়। লগতে বন বিভাগৰ এই অভিযানতে অবৈধ বালি ভৰ্তি বাহন জব্দ কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ ডিপলাই আঞ্চলিক বন বিভাগৰ অভিযানত দামোদৰপুৰ ফৰেষ্ট এৰিয়াত বন বিভাগে তহল দি থকা অৱস্থাত বৃহৎ পৰিমাণৰ শালৰ কুণ্ডাসহ দুখন ই- ৰিক্সা আৰু এখন অবৈধভাৱে বালি কঢ়িওৱা বলেৰো বাহন জব্দ কৰে ।

জব্দকৃত বলেৰো বাহনখনৰ নম্বৰ হ'ল AS 17 B 7573। একাংশ চোৰাং কাঠ মাফিয়াই ডিপলাই বনাঞ্চলৰ পৰা শাল গছ কাটি চোৰাংভাৱে সৰবৰাহ কৰি থকাৰ সময়ত হাতে লোটে জব্দ কৰে কাঠখিনি।

অৱশ্যে বন বিভাগ অহাৰ উমান পাই কাঠ মাফিয়া পলাই যাবলৈ সক্ষম হয়। সম্প্ৰতি জব্দকৃত চোৰাং কাঠ আৰু ই ৰিক্সা দুখন ডিপলাই আঞ্চলিক বন কাৰ্য্যালয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।

assam forest department kokrajhar