শ্ৰীভূমিত আটক তিনি বাংলাদেশীক স্ব-ভূমিলৈ প্ৰেৰণ

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত পুনৰ বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে। শনিবাৰে নিশা শ্ৰীভূমি জিলাৰে ভাৰতত প্ৰৱেশ কৰা তিনিজন অনুপ্ৰৱেশকাৰী বাংলাদেশীক আটক কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
q3557

ডিজিটেল সংবাদ, শিলচৰ : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত পুনৰ বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে। শনিবাৰে নিশা শ্ৰীভূমি জিলাৰে ভাৰতত প্ৰৱেশ কৰা তিনিজন অনুপ্ৰৱেশকাৰী বাংলাদেশীক আটক কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী কেইজনক দেওবাৰে তেওঁলোকৰ স্ব- গৃহ বাংলাদেশলৈ পঠিয়াই দিয়া হয়।‌ নিজৰ ফেচবুক একাউণ্টত অনুপ্ৰৱেশকাৰী কেইজনৰ ফটো আপলোড কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে।

"কোনো অনুপ্ৰবেশকাৰীকে অসম তথা ভাৰতবৰ্ষৰ ভূমিলৈ আদৰণি জনোৱা নহয়" বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, "পূৰ্বতেও কৈছোঁ, আজিও কওঁ কোনো অনুপ্ৰৱেশকাৰীকে অসম তথা ভাৰতবৰ্ষৰ ভূমিলৈ আদৰণি জনোৱা নহয় ৷ আমি এই বিষয়ত সদা সষ্টম হৈ আছোঁ ৷"

ইফালে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা অসম আৰক্ষীৰ প্ৰতি শলাগ লয়‌ মুখ্যমন্ত্ৰীয়ে। 

Dr. Himanta Biswa Sarma Assam police Silchar