বিনামূলীয়া চিকিৎসা,কৰ ৰেহাই,বেংকত পাতিব নালাগে লাইনঃ বয়োজেষ্ঠ নাগৰিকৰ বাবে প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

বিনামূলীয়া চিকিৎসা,কৰ ৰেহাই,বেংকত পাতিব নালাগে লাইনঃ বয়োজেষ্ঠ নাগৰিকৰ বাবে প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

author-image
Asomiya Pratidin
New Update
বিনামূলীয়া চিকিৎসা,কৰ ৰেহাই,বেংকত পাতিব নালাগে লাইনঃ বয়োজেষ্ঠ নাগৰিকৰ বাবে প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ প্ৰশ্নৰোত্তৰ কালত জ্যেষ্ঠ নাগৰিক আৰু পেঞ্চনাৰ সকলৰ সা-সুবিধা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন ৰাজ্যসভাৰ সদস্যৰ।এই প্ৰশ্নকালত ৰাজ্যসভাৰ সদস্য শ্ৰী পৰিমল নাথৱানীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে যে, ৭০ বছৰ আৰু তাৰ উৰ্ধৰ নাগৰিকসকলৰ বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চৰকাৰে কি আঁচনি গ্ৰহণ কৰিছে?

এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত প্ৰতাপ ৰাও জাধৱে কয় যে, ৫৫ কোটি হিতাধিকাৰীক সাঙুৰি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) গ্ৰহণ কৰা হৈছে।এই আঁচনিখনে চিকিৎসালয়ত ভৰ্তিৰ বাবে বছৰি প্ৰতিটো পৰিয়ালক ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰে। যোগ্য পৰিয়ালৰ সকলো সদস্য তেওঁলোকৰ বয়স নিৰ্বিশেষে এই আঁচনিৰ অধীনত সামৰি লোৱা হয়।

জাধৱে লগতে কয় যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপিৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল যে ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিকে বছৰি ৫ লাখ টকা পৰ্যন্ত বীমা লাভ কৰিব ৷ এই আঁচনিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ আৰু তাৰ ওপৰৰ নাগৰিকক অন্তৰ্ভুক্ত কৰা হ’ব।

শ্ৰী পৰিমল নাথৱানীৰ দ্বিতীয় প্ৰশ্ন, জ্যেষ্ঠ নাগৰিক সকলৰ বাবে CGHS আৰু বেংকত কি সুবিধা আছে?

এই সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও জাধৱে কয় যে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ নাগৰিকক জ্যেষ্ঠ নাগৰিক বুলি কোৱা হয়, আনহাতে ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ নাগৰিকক অতি জ্যেষ্ঠ নাগৰিক বুলি কোৱা হয়। বছৰি ৩ লাখ টকা পৰ্যন্ত জ্যেষ্ঠ নাগৰিকৰ আয়ৰ ওপৰত কোনো কৰ নাই, আনহাতে অতি জ্যেষ্ঠ নাগৰিকৰ বাবে ৫ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ নাই। ৭৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ নাগৰিকক আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পৰা ৰেহাই দিয়া হৈছে।

একে সময়তে চিজিএইচএছত ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ নাগৰিকে ঘৰতে বহি এপইণ্টমেণ্ট ল’ব পাৰে। তেওঁলোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ সুবিধা দিয়া হৈছে। বেংকত তেওঁলোকৰ বাবে পৃথক কাউণ্টাৰ বনোৱা হৈছে, বেছি দিন শাৰী পাতি থিয় হোৱাৰ প্ৰয়োজন নাই।

আনহাতে অন্য এগৰাকী সাংসদ শ্ৰীযুত সাকেট গোখলেৰ চৰকাৰক তৃতীয় প্ৰশ্ন, চৰকাৰে চিজিএইচএছ হিতাধিকাৰীৰ আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট (এবিএইচএ) আইডিৰ সৈতে সংযোগ স্থাপনৰ কাম বন্ধ কৰি দিছে নেকি? ইয়াৰ কাৰণ কি?

ইয়াৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অনুপ্ৰিয়া পেটেলে কয় যে, আয়ুষ্মান ভাৰতৰ স্বাস্থ্য একাউণ্টৰ সৈতে চিজিএইচএছ হিতাধিকাৰী আইডি লিংক কৰাটো বাধ্যবাধকতা নহয়। হিতাধিকাৰীয়ে ইচ্ছাকৃত বা ইয়াক বিকল্প হিচাপে গ্ৰহণ কৰাৰো প্ৰক্ৰিয়া আছে।ভিন্নবৰ্গ চাকৰিয়াল আৰু পেঞ্চন লাভ কৰা বহু লোকে এনে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আবেদন কৰিছিল। এই সকল লোক আৰু সংস্থা আবেদনৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা ইতিমধ্যে কাৰ্যকৰী হৈছে।

Also Read: জখলাবন্ধাত কলিয়াবৰ ফ’ৰলেন দাবী সমিতিৰ সংবাদমেল

rajyasabha election. senior citizen benefit