ডিজিটেল ডেস্কঃ"আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ উত্তৰনত কৰিব লগা কাৰ্যৰ দায়িত্ব আৰু কৰ্তব্য অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আগত কাৰ্যকালৰ প্ৰধান সম্পাদক হিচাপে নিষ্ঠা,সততা আৰু আন্তৰিকতাৰে পালন কৰিম।" বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ বেলতলাস্থ অমলপ্ৰভা ভৱনত যোৱা৫ ডিচম্বৰত জ্যেষ্ঠ নাগৰিক মৃদুল কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়।
চৰাৰ সম্পাদক জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ এগৰাকী দায়িত্বশীল সদস্য হিচাপে বৰঠাকুৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দৰে ৰাজ্যিক সংগঠনৰ প্ৰধান সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত নিৰ্বাচিত হোৱাত সভাই আনন্দ প্ৰকাশ কৰে আৰু নৱনিৰ্বাচিত প্ৰধান সম্পাদক গৰাকীক অভিনন্দন জনাই ফুলাম গামোচা, ফুলৰ থোপা,এখন প্ৰশস্তি পত্ৰ আৰু এটি স্মাৰক প্ৰদান কৰি সম্বৰ্দ্ধনা জনায়।
এনে সভাত সাম্প্ৰতিক সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়, যোৰহাট জে বি কলেজকে ধৰি অসমৰ কিছুমান শিক্ষানুষ্ঠানত ৰেগিংৰ দৰে অপ্ৰত্যাশিত ঘটনা প্ৰবাহত গভীৰ উদ্বেগ প্ৰকাশ কৰে। এনে ঘটনা প্ৰবাহৰ বিৰোধিতা কৰে আৰু এক প্ৰস্তাৱ যোগে দোষী ছাত্ৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে এনে ঘটনা পুনৰাবৃতি পুনৰ যাতে নহয় তাৰবাবে কঠোৰ ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট পক্ষ আৰু চৰকাৰক দাবী জনায়।
সভাত অন্যতম সদস্য অমলানন্দ বৰদলৈৰ উদ্যোগত কুইজ অনুষ্ঠানত সদস্যসকলে অংশ লয়। বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত কবিতা আবৃত্তি কৰে অৰুনিমা কাকত, মালাশ্ৰী লহকৰ বৰা, ছৈয়দ নজিবুৰ ৰহমান,জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে।
ড০ কুলপ্ৰসাদ কলিতাৰ হাস্য মধুৰ গল্পৰ বাবে সকলো সদস্যই আমোদ লাভ কৰে। ড০ মোক্ষদা প্ৰসাদ বৰঠাকুৰ আৰু প্ৰতাপ বৰঠাকুৰৰ গীত পৰিৱেশন,ড০ বোধেশ্বৰ ৰাজকোঁৱৰ আৰু ৰজত কুমাৰৰ বিহুগীতে সভাসদক আমোদ দিয়ে।
ক্লিক কৰি পঢ়কঃ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু...