হ্ৰাস পাইছে জনসংখ্যা! চৰকাৰৰ নতুন পন্থা...

হ্ৰাস পাইছে জনসংখ্যা! চৰকাৰৰ নতুন পন্থা...

Published on

জনসংখ্যা বিস্ফোৰণ। প্ৰায়েই চৰ্চিত আৰু আলোচিত এটা বিষয়। কিন্তু আপুনি শুনি আচৰিত হব যে, ভাৰতৰ লগতে সমগ্ৰ বিশ্বত লাহে লাহে হ্ৰাস পাইছে প্ৰজননৰ হাৰ। বিশ্বৰ কিছু উন্নত দেশত জনসংখ্যা এনে পৰ্যায়ত হ্ৰাস পাইছে যে তাত সন্তানৰ পিতৃ-মাতৃক মাহিলী দৰমহা, দম্পত্তিক চাকৰিৰ পৰা অধিক দিন ছুটী আৰু কৰ ৰেহাইৰ দৰে বিভিন্ন পন্থা অৱলম্বন কৰিছে। বিশ্ব জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

১১জুলাই। আজি বিশ্ব জনসংখ্যা দিৱস। এই দিৱসটি পালন কৰাৰ মূল উদ্দেশ্য হৈছে- বৰ্ধিত জনসংখ্যাক লৈ জনতাৰ মাজত সজাগতা বৃদ্ধি কৰা। ভাৰতবৰ্ষৰ ক্ষেত্ৰত সদায়েই এই দিনটোত ব্যৱহাৰ হোৱা এটা শব্দ হৈছে- জনসংখ্যা বিস্ফোৰণ। কিয়নো আমাৰ দেশৰ জনসংখ্যা বৰ্তমান চীনতকৈ অধিক।

শেহতীয়া তথ্য অনুসৰি, চীনত বৰ্তমান জনসংখ্যা ১৪১.২২কোটি। ইয়াৰ বিপৰীতে ভাৰতৰ বৰ্তমানৰ জনসংখ্যা হৈছে ১৪১.৭২কোটি। কিন্তু আমি সদায়েই আলোচনা কৰি অহাৰ দৰে ভাৰতৰ বৰ্ধিত জনসংখ্যাই এদিন কালৰূপ ধৰিব নে! শেহতীয়াকৈ এক পৰীক্ষাত ইয়াৰ কিন্তু বিপৰীত এখন ছবিহে পোহৰলৈ আহিছে।

তথ্য মতে, ২০৫০ চনত ভাৰতত প্ৰজননৰ হাৰ ১.২৯লৈ হ্ৰাস পাব। বৰ্তমান এই হাৰ ১.৯১শতাংশ। এই হাৰ ১৯৫০চনত আছিল ৬.১৮শতাংশ। আশংকা কৰা হৈছে যে, এই শতিকাৰ শেষলৈ এই প্ৰজনন হাৰ ১.০৪শতাংশলৈ হ্ৰাস পাব।

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বত বিগত ৭০বছৰত প্ৰজননৰ হাৰ আধাতকৈ অধিক হ্ৰাস পাইছে। ১৯৫০চনত সমগ্ৰ বিশ্বত প্ৰজনন হাৰ আছিল ৪.৮শতাংশ। কিন্তু অতি চিন্তাজনকভাৱে এই হাৰ ২০২১ত হ্ৰাস পাই হলহি ২.২শতাংশ।

কেইবাখনো উন্নত দেশৰ বৈজ্ঞানিকসকলে এই দিশটোক লৈ চিন্তা ব্যক্ত কৰি এলানি গৱেষণাও কৰিছিল। এই গৱেষণাত পোহৰলৈ আহিছিল যে, গ্লোবেল ৱাৰ্মিং, জলবায়ু পৰিৱৰ্তন, জীৱন শৈলী আৰু খাদ্যৰ বাবেই এনে হৈছে। আনফালে দেশত মৃত শিশুৰ জন্ম হোৱা পৰিমাণো বৃদ্ধি পাইছে।

ভাৰত যদিও বিশ্বৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাৰ দেশ তথাপি ইয়াত প্ৰজননৰ হাৰ অত্যাধিকভাৱে হ্ৰাস পাইছে। ২০১৪ত আমাৰ দেশত জন্ম হৈছিল ১৪.২কোটি শিশু কিন্তু ২০২১ত এই সংখ্যা হলহি ১২.০৯কোটি। বৈজ্ঞানিকসকলৰ মতে, এখন দেশত তেতিয়াহে জনসংখ্যাৰ সন্তুোলন বৰ্তি থাকে, যেতিয়া প্ৰজননৰ হাৰ ২.১ৰ ওপৰত বা আশে-পাশে থাকে। কিন্তু বৰ্তমানতেই আমাৰ দেশত এই হাৰ ১.৯১শতাংশ।

প্ৰজনন হাৰ কমি গলে এখন দেশত বহু দিশৰ পৰা প্ৰভাৱ পৰে। এই হাৰ হ্ৰাস পালে এখন দেশত বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পায় আৰু শ্ৰমিক তথা কৰ্মজীৱি লোকৰ সংখ্যা কমে। কেৱল ভাৰতেই নহয়, বিশ্বৰ ২০৪খন দেশৰ ভিতৰত ১১০খন দেশৰেই প্ৰজননৰ হাৰ ২.১তকৈ কম।

যদিও জনসংখ্যাৰ বিস্ফোৰণৰ প্ৰসংগটো প্ৰায়েই আলোচিত হয় তাৰ বিপৰীতে এনেবোৰ দিশো কিন্তু একেবাৰে দলিয়াই দিয়া বিষয় নহয়। অৱশ্যে উন্নত কেইখনমান দেশত ইতিমধ্যে এই বিষয়টোক লৈ সজাগ-সচেতন হোৱা দেখা গৈছে।

জাপানত শেহতীয়াকৈ চৰকাৰে এক নীতি গ্ৰহণ কৰিছে। যদিও জাপান তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িল তাৰ বিপৰীতে ক্ৰমান্বয়ে হ্ৰাস পাইছে জনসংখ্যা। যাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, এতিয়াৰে প্ৰতিগৰাকী পিতৃ-মাতৃক সন্তানৰ বাবদ দিয়া হব মাহিলী দৰমহা। ইতিমধ্যে জাপান চৰকাৰে ইয়াৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৫বিলিয়ন ডলাৰৰ বাজেট ধাৰ্য কৰিছে।

জাপান চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, প্ৰত্যোকগৰাকী পিতৃ-মাতৃক সন্তান জন্ম হোৱাৰ পাছত নৱজাতকৰ পৰা ২বছৰ বয়সৰলৈকে মাহিলি ৯হাজাৰ আৰু তাৰ পিছতে ৩বছৰৰ বয়সৰ পৰা প্ৰতিটো সন্তানৰ বাবদ পিতৃ-মাতৃক প্ৰদান কৰা হব ৫হাজাৰ টকাৰ মাহিলী ভাট্টা। ইয়াৰোপৰি বেছি সন্তান জন্ম হোৱা পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিতসা সেৱাও।

উল্লেখ কৰা প্ৰয়োজন যে, জাপানত অতি আশ্বৰ্যজনকভাৱে হ্ৰাস পাইছে জনসংখ্যা। ২০১৭চনত দেশখনত ১২.৮০কোটি জনসংখ্যা আছিল যদিও ২০২১চনত জাপানৰ জনসংখ্যা হয়গৈ ১২.৫৭কোটি। এনে অনুপাতত জনসংখ্যা হ্ৰাস পালে এই শতিকাৰ অন্তত জাপানত মুঠ জনসংখ্যা ৫.৩কোটি মানহে হবগৈ।

জাপানৰ দৰেই ৰাছিয়াতো হ্ৰাস পোৱা জনসংখ্যাক লৈ খুবেই চিন্তিত চৰকাৰ। ৰাছিয়াত চলোৱা এটা সমীক্ষা অনুসৰি, এই অনুপাতত জনসংখ্যা হ্ৰাস হৈ থাকিলে ২০৪৬ত জনসংখ্যা ১৪.৬কোটিৰ পৰা হ্ৰাস হৈ হবগৈ ১৩কোটি। জনসংখ্যাৰ ক্ষেত্ৰত যাতে সকলোবোৰ অনুপাত ঠিকে থাকে তাৰ বাবে ৰাছিয়া চৰকাৰে ৭-৮বছৰ বয়সৰ লৈকে প্ৰতিগৰাকী শিশুৰ বাবদ ভাৰতীয় মূল্যত ১১হাজাৰকৈ টকাৰ ভাট্টা দিয়াৰ সিদ্ধান্ত লৈছে।

শুনি আচৰিত হব যে, বংশবৃদ্ধি কৰাৰ উদ্দেশ্যৰেই বছৰৰ ১২ ছেপ্তেম্বৰ দিনটো ৰাছিয়া চৰকাৰ অন্তৰ্গত সকলো পতী-পত্নীক ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে। যদিহে এই কামত তেওঁলোকে সফল হয় তেন্তে ৰাছিয়া চৰকাৰৰ ফালৰ পৰা গাড়ী, নগদ ধনৰে পুৰস্কৃত কৰে প্ৰশাসনে।

ইটালীতো জনসংখ্যা হ্ৰাস পোৱাৰ বাবে ইটালী চৰকাৰে এই ক্ষেত্ৰত কাম কৰিবলৈ ২০২৪ৰ বাজেটত ৯হাজাৰ কোটি টকা ধাৰ্য কৰিছে। পিতৃ-মাতৃসকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ইটালী চৰকাৰে। উল্লেখ্য যে, দেশখনত ১৯৯০চনৰ পাছৰে পৰাই জনসংখ্যা হ্ৰাস পাইছে। ইটালীত এনে নিয়মো কৰা হৈছে যে, যি পৰিয়াল বা দম্পত্তিৰ সন্তান নাই তেওঁলোকে চৰকাৰক দুগুণ টেক্স ভৰিব লাগে।

ৰূমানিয়াতো সেই একেই পৰিৱেশ। যদি বিয়া হোৱাৰ ২বছৰৰ পাছতো সন্তান জন্ম দিব নোৱাৰে, প্ৰতি ব্যক্তিৰ বিপৰীতে অধিক টেক্স ভৰিব লাগে দেশখনত। ৰূমানিয়াত স্নাতক পৰ্যায়ৰ লৈকে সকলো ধৰণৰ শিক্ষা বিনামূলীয়া কৰিছে চৰকাৰে।

এনেদৰেই ‘জনসংখ্যাৰ বিস্ফোৰণ’ৰ ডাঙৰ ডাঙৰ খবৰবোৰৰ মাজতো আছে বহু উদ্বেগজনক খবৰ। অৱশ্যে ভাৰতত বৰ্তমান জনসংখ্যাৰ অনুপাত ঠিকেই আছে যদিও ভৱিষ্যতে প্ৰজননৰ হাৰ হ্ৰাস বুলি বৈজ্ঞানিকসকলে ভৱিষ্যতদ্বাণী কৰিছে। জনসংখ্যাৰ বৃদ্ধিৰ প্ৰসংগটোৰ সমান্তৰালভাৱেই আমাৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা এনে অনেক বিষয়ক লৈও আলোচনা কৰাৰ থল আছে...

হ্ৰাস পাইছে জনসংখ্যা! চৰকাৰৰ নতুন পন্থা...
বিস্ময়-মায়া-তৃষ্ণাতুৰ, মনত আছে নে দিনবোৰ !
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in