অসম আৰক্ষীৰ লজ্জাজনক ব্যৰ্থতাঃ জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্ত CIDক অৰ্পণ

অসম আৰক্ষীৰ লজ্জাজনক ব্যৰ্থতাঃ জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্ত CIDক অৰ্পণ
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: আকাংক্ষিতভাবেই অৱশেষত হাৰ মানিলে অসম আৰক্ষীয়ে। ঢকুৱাখনাৰ জাহাঙ্গীৰ হুছেইন হত্যাকাণ্ডৰ তদন্ত অৱশেষত অপৰাধ অনুসন্ধান বিভাগলৈ হস্তান্তৰ কৰিলে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ এক নিৰ্দেশ যোগে এই তদন্তৰ ভাৰ চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে।

বৃহস্পতিবাৰে সঞ্চালক প্ৰধান সিঙৰ নিৰ্দেশ মতে অসম আৰক্ষী মহাপৰিদর্শকৰ স্বাক্ষৰিত এক নিৰ্দেশনাৰ ভিত্তিত ঢকুৱাখনা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/২০১/৩৪ ধাৰাত পঞ্জীভূত গোচৰ নং-৩৯/২০২৪ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/২০১/৩৪ ধাৰাত পঞ্জীভূত গোচৰ নং-৩৪৮/২০২৪ গোচৰৰ তদন্ত অপৰাধ অনুসন্ধান বিভাগক অৰ্পণ কৰিছে।

উক্ত গোচৰ দুটাৰ তদন্ত কৰিব চি আই ডি য়ে।অসম আৰক্ষীৰ লজ্জাজনক ব্যৰ্থতা আৰু পৈশাচিক হত্যাকাণ্ড সন্দৰ্ভত সামান্য ক্লু এটা উলিয়াবলৈ সক্ষম নোহোৱা নিষ্কৰ্ম্মা ভূমিকাৰ পাছত এইবাৰ চি আই ডি য়ে কি সফলতা প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ'ব। স্মৰ্তব্য যে চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰে হত্যাকাণ্ডৰ প্ৰথম অৱস্থাৰ পৰাই সক্ৰিয় ভাবে সূক্ষ্ম পৰ্যবেক্ষণ কৰি আছে।

এনে স্থলত হত্যাকাণ্ডৰ এটা মাহ অতিক্ৰম কৰিবলৈ কেইটামান দিন বাকী থকাত অসম আৰক্ষীয়ে এই দুটা গোচৰ তদন্ত কৰিবলৈ চি আই ডিক অৰ্পণ কৰাৰ পাছত ন্যায়কামী ৰাইজ বিশেষ উৎসাহী হোৱা পৰিলক্ষিত হোৱা নাই। ৰাইজে হত্যাকাৰীৰ নিখুঁত পৰিকল্পনাত শৰণ লোৱা এনে ব্যৰ্থতাই জোনমণি ৰাভাৰ গোচৰৰ পুনৰাবৃত্তি হোৱাৰে সন্দেহ প্ৰকাশ কৰিছে।

অসম আৰক্ষীৰ লজ্জাজনক ব্যৰ্থতাঃ জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্ত CIDক অৰ্পণ
নলবাৰীত কেবিনেট বৈঠক : সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত,পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in