ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ জীয়াভৰলী নদীতো বৃহস্পতিবাৰে বিয়লি ষট্ পূজা উদযাপন কৰা হয় ৷ শ্ৰী শ্ৰী জীয়াভৰলী ষট্ পূজা উদযাপন সমিতিৰ উদ্যোগত ষট্ পূজা উদযাপন কৰে ভক্তসকলে।
প্ৰত্যেক বছৰৰ ধৰে এই বছৰো অতি উলহ মালহৰে ষট্ পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে নৈপাৰত । নদী পাৰত সূৰ্য দেৱতাক আৰধনা কৰি ভক্তপ্ৰাণ ৰাইজে নিজৰ মনৰ আশা আকাংক্ষা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে।
উল্লেখ্য যে বিগত প্ৰায় ২০ বছৰে এই পূজা উদযাপন কৰি আহিছে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে। আৰক্ষী- প্ৰশাসনে জীয়াভৰলী নদীৰ পাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাও দেখা গৈছে৷
চিলাপথাৰতো উলাহ- মালহেৰে পালন কৰিলে ষট্ পূজা...
ইফালে বিগত বৰ্ষৰ দৰে এইবাৰো চিলাপথাৰত উদযাপন কৰা হৈছে ষট্ পূজা। ষট্ পূজাৰ উপলক্ষত দেখা গৈছে উখল মাখল পৰিবেশ। চিলাপথাৰ উচ্চতৰ মাধ্যমিক পথ আৰু লিকাবালি পথৰ ষট্ পূজা স্থলীত দেখা গৈছে অজস্ৰ লোকৰ সমাগম।
কেৱল ভোজপুৰী সম্প্ৰদায়ৰেই নহয়, এইবাৰ অন্য সম্প্ৰদায়ৰ লোকেও সুখ , শান্তি আৰু সমৃদ্ধি কামনা কৰি পূজা আগবঢ়োৱা দেখা যায়। সূৰ্য দেৱতাৰ আশিষ বিচাৰি প্ৰণিপাত জনালে ভালেসংখ্যক ভক্তই।
Also Read: সোণতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত বৰ্ণিল কবি সন্মিলন