ডিজিটেল সংবাদ, জামুগুৰিহাট : সনতনী পৰম্পৰা আৰু সংস্কৃতিক ৰক্ষাৰ্থে আৰু জাগৰণৰ উদ্দেশ্য ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত আন্তঃৰাষ্ট্ৰীয়খ্যাতিপ্ৰাপ্ত শিল্পী বাবা সত্য নাৰায়ন মৌৰ্য্যৰ ৰাষ্ট্ৰভক্তি উৎসৱ আয়োজন কৰা হৈছে ৷ শ্ৰী হৰি সৎসঙ্গ সমিতি পুৰ্বোত্তৰৰ উদ্যোগত ঘইৰালি চাহ বাগিচাৰ সমূহ সনাতনী ৰাইজৰ সহযোগত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞৰ ৷
উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ঘইৰালি চাহ বাগিচাত এক বিশাল কলহ যাত্ৰা উলিওৱা হয় ৷ উক্ত কলহ যাত্ৰাত বাগিচাখনৰ লগতে অঞ্চলটোৰ কেইবাখনো বাগিচাৰ মহিলা- যুৱতীয়ে মূৰত কলহ লৈ ঘইৰালি চাহ বাগিচাৰ কালি মন্দিৰ প্ৰঙ্গনৰ পৰা বৰজুলি চাহ বাগিচা পৰিভ্ৰমন কৰে ৷
উল্লেখযোগ্য যে অঞ্চলটোৰ ৰাইজৰ সুখ, শান্তি আৰু অপায়- অমংগল দূৰ হোৱাৰ উদ্দেশ্যে আৰু বিশ্ব শান্তি কামনাৰে আয়োজন কৰা হৈছে উক্ত শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞ ৷ আনহাতে বিভিন্ন কাৰণত বিয়া নোহোৱা প্ৰায় ১০০ যোৰা দৰা কইনাক ২৭ নৱেম্বৰত ৰীতি- নীতি অনুসৰি সামূহিক বিবাহৰ আয়োজন কৰা হৈছে ৷