বিধায়িকা শিবামনি বৰাৰ গোচৰঃ নগাঁৱৰ এছ পি কাৰ্যালয়ত কংগ্ৰেছৰ সাংসদ , বিধায়ক...

বিধায়িকা শিবামনি বৰাৰ গোচৰঃ  নগাঁৱৰ এছ পি কাৰ্যালয়ত কংগ্ৰেছৰ সাংসদ , বিধায়ক...
Published on
Updated on

ডিজিটেল সংবাদ ,নগাঁও : বটদ্ৰবা সমষ্টিৰ বিধায়িকা শিবামনি বৰাই গোচৰ তৰিছে আৰক্ষীৰ ওচৰত । কংগ্ৰেছৰ মহিলা বিধায়িকা শিবামনি বৰাই মঙ্গলবাৰে তেওঁৰ ওপৰত চলোৱা আক্ৰমনৰ ঘটনাৰ সন্দৰ্ভত নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এজাহাৰত বিধায়িকা বৰাই আক্ৰমনৰ ঘটনাৰে মজিবুৰ ৰহমান , মুক্তাদুল ইছলাম , আব্দুল কাচেম , আবু তাহেৰ , নাছিৰ উদ্দিন , ৰছিদুল হক জৰিত বুলি এজাহাৰত উল্লেখ কৰিছে ।

বিধায়িকা শিবামনি বৰাই এজাহাৰত উল্লেখ কৰা মতে চামগুৰি বিধান সভা সমষ্টিত আগন্তক উপ নিৰ্বাচনৰ বাবে এক ৰেলি প্ৰশাসনৰ অনুমতিৰে বাহিৰ কৰাৰ বাবে ব্যৱস্হা গ্ৰহণ কৰা হৈছিল । বাজিয়া আৰু লাওখোৱা ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত আয়োজিত এই কাৰ্যসূচীলৈ গৈ থকা অৱস্হাত এজাহাৰত উল্লেখিত আচামীগনে বিধায়িকা বৰাৰ গাড়ীত আক্ৰমন কৰি হত্যাৰ চেষ্টা চলায় ।

উল্লেখ্য এই যে শিঙিমাৰীত সংঘটিত এই হিংসাত্মক ঘটনাৰে ন বিজেপি জৰিত থকাৰ অভিযোগ উস্হাপন কৰিছে কংগ্ৰেছ দলে । এই ঘটনাই আলোৰনৰ সৃষ্টি কৰাৰ পিছত সন্ধ্যা নগাঁও আৰক্ষী অধীক্ষকক সাক্ষাত কৰে কংগ্ৰেছৰ সাংসদ , বিধায়কৰ এটি দলে । সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত বিধায়ক নুৰুল হুদা , বিধায়িকা শিবামনি বৰাকে ধৰি কংগ্ৰেছৰ কেবাজনো নেতা আৰক্ষী অধীক্ষকক সাক্ষাত কৰি আক্ৰমনকাৰীক দৃষ্টান্ত মূলক শাস্তিৰ দাবী জনায় ।

বিধায়িকা শিবামনি বৰাৰ গোচৰঃ  নগাঁৱৰ এছ পি কাৰ্যালয়ত কংগ্ৰেছৰ সাংসদ , বিধায়ক...
নগাঁৱত চকলাঘাটৰ মহিলাৰ দ্বাৰা 'হৰিচন্দ্ৰ উপাখ্যান' প্ৰদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in