নিয়োগত অগ্ৰাধিকাৰৰ দাবীত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বৰ্হি উৎস কৰ্মচাৰীৰ প্ৰতিবাদ...

অহা মাহৰ পৰা আন্দোলনৰ হুংকাৰ

author-image
Asomiya Pratidin
New Update
নিয়োগত অগ্ৰাধিকাৰৰ দাবীত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বৰ্হি উৎস কৰ্মচাৰীৰ প্ৰতিবাদ...

Sibsagar APDCL employee

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰস্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যালয়ত বৃহস্পতিবাৰে বিভাগৰ বৰ্হি উৎস ভাৱে নিয়োগ লাভ কৰা অস্থায়ী কৰ্মচাৰী সকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এ পি ডিচি এলৰ ব্যক্তিগত কৰণকলৈ ইতিমধ্যে বিভাগৰ কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত এইবাৰ বৰ্হি উৎস(out sourcing) কৰ্মচাৰী সকলে আৰম্ভ কৰিছে আন এক প্ৰতিবাদী কাৰ্যসূচী।

অসম চৰকাৰে শেহতীয়াকৈ মিটাৰ ৰিডিং, বিল ডিষ্ট্ৰিবিউশ্যন , লাইন মেণ্টেনেনছ আদিৰ বাবে প্ৰায় ৫ হাজাৰ কৰ্মচাৰী এ পি ডি চি এলত নিয়োগ কৰিবলৈ আগবাঢ়িছে।কিন্তু বহু বছৰ ধৰি সমগ্ৰ অসমত প্ৰায় ৫ হাজাৰ কৰ্মচাৰীয়ে বৰ্হি উৎসৰূপে বছৰ বছৰ ধৰি এই সেৱা আগবঢ়াই আহিছে।

অসম চৰকাৰে প্ৰকাশ কৰিবলগীয়া বিজ্ঞাপনত ইতিমধ্যে কৰ্মৰত বৰ্হি উৎস কৰ্মচাৰী সকলক কোনো অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা নাই। সেয়েহে শিৱসাগৰ বিদ্যুৎ সংমণ্ডলত এই সকল বৰ্হি উৎস কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে বিগত সময়ত আগবঢ়াই অহা সেৱাক আগন্তুক চৰকাৰী মকৰলত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাইছে।

এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ শীৰ্ষ কৰ্তৃপক্ষৰ লগতে বিভিন্ন মহলক এই সকল কৰ্মচাৰীয়ে অৱগত কৰিছে । বৃহস্পতিবাৰে শিৱসাগৰ বিদ্যুৎ কাৰ্যালয় চৌহদত জিলাখনৰ বিভিন্ন সংমণ্ডলৰ বৰ্হি কৰ্মচাৰী সকল সমবেত হৈ মুখ্য পৰিচালন সঞ্চালকক এক স্মাৰক পত্ৰ প্ৰদান কৰে।

বৰ্হি উৎস কৰ্মচাৰী সকলক চৰকাৰে আগন্তুক চৰকাৰী মকৰলত অগ্ৰাধিকাৰ প্ৰদান নকৰিলে অহা অক্টোবৰ মাহৰ পৰা বৰ্হি উৎস কৰ্মচাৰী সকলে আন্দোলনৰ পথ ল'ব বুলি হুংকাৰ দিয়ে।

apdcl bimal bora