ডিজিটেল সংবাদ, চিৰাংঃ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰাক্তন বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু তেওঁৰে একালৰ সতীৰ্থ বৰ্তমান ইউপিপিএল দলত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ বাকযুদ্ধ তুঙ্গত উঠা পৰিলক্ষিত হৈছে । কালিৰ দিনটোত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বিপিএফ দল আৰু বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সন্দৰ্ভত কেবাটাও তীৰ্যক মন্তব্য কৰাৰ পিছত আজি হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্মৰ ওচৰত খৰ্গহস্ত হৈ কিছু বিষ্ফোৰক মন্তব্য কৰে ।
৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকি থকাৰ সময়তে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি আজিৰ দিনটোত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এটাৰ পিছত এটা বিষ্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হয় ।আজি বহুদিনৰ মুৰত বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ হৈ চাৰিটাকৈ দলীয় সভাত অংশগ্ৰহণ কৰি নিজৰ স্বভাৱসুলভ ভঙ্গিমাত হাগ্ৰামা মহিলাৰীয়ে সতীৰ্থ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক উভতি ধৰি কয় যে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক ক্ষমতালোভী ব্যক্তি বুলি আখ্যা দিয়ে ।
যত ক্ষমতা আছে চন্দন ব্ৰহ্ম তাতেই আছে । আমি ক্ষমতাত নাই কাৰণে চন্দন ব্ৰহ্মই বিপিএফ এৰি ইউপিপিএল দলত যোগদান কৰিলেও ইউপিপিএল দলত সি ভবা ধৰনে ঠাই নেপায়, কাৰণ ইউপিপিএল দলে চন্দন ব্ৰহ্মক কেতিয়াও দলীয় টিকট নিদিয়ে । সেই কাৰণেই মই চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফ দলৰ পৰাই চন্দন ব্ৰহ্মক টিকট দিয়াৰ কথা চিন্তা কৰি তাৰ ওচৰত মানুহ পঠিয়াইছিল কিন্তু সি নাহিলে ।
এতিয়া ইউপিপিএল দলত থাকি চন্দন ব্ৰহ্ম ধ্বংস হব, তাৰ ৰাজনৈতিক জীৱন শেষ বুলি মন্তব্য হাগ্ৰামা মহিলাৰীয়ে। কাৰণ প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰৌনগৌৰা নাৰ্জাৰী তেওঁলোক কেনেকুৱা মানুহ মই জানো হে নহয় ! চন্দন ব্ৰহ্মক তেওঁলোকে ইউপিপিএল দলত কি ঠাই দিব সেয়া মোৰ জনা আছে ! মুঠতে চন্দন ব্ৰহ্ম ৰাজনৈতিক কেৰিয়াৰ এইবাৰ শেষ ।
চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ বিজয় এশ শতাংশ নিশ্চিত লগতে ২০২৫ চনৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনতো আমি জিকিবলৈ গৈ আছো । মহিলাৰীয়ে ২০২৫ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে কোন জিলাত কিমান আসন লাভ কৰিব তাৰ সংখ্যাৰ কথা উল্লেখ কৰি কয় যে ২০২৫ ত বিটিচিত বিপিএফ দলে চৰকাৰ গঠন কৰিব সেয়া ১০০ শতাংশ নিশ্চিত আৰু বৰ্তমান বিটিচিবাসী ৰাইজে বিচাৰি আছে বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ সন্দৰ্ভত কটাক্ষ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে ঘৰে ঘৰে চাকৰি দিব, মাটি পট্টা দিব, আত্মসহায়ক গোটক ৭৫ হেজাৰ টকাকৈ দিব বুলি প্ৰচাৰ চলাইছিল কিন্তু সি আজিলৈকে সেইবোৰ কৰিব পাৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।