দ্বিতীয়বাৰৰ বাবে প্রেম সিং টামাঙৰ শপত গ্ৰহণ...

দ্বিতীয়বাৰৰ বাবে প্রেম সিং টামাঙৰ শপত গ্ৰহণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ছিকিম ক্রান্তিকাৰী মর্চা এছ কে এমৰ নেতা প্রেম সিং টামাঙে সোমবাৰে ছিকিমৰ মুখ্যমন্ত্রী হিচাপে শপত ল'ব। গেংটকৰ পালিজোৰ ষ্টেডিয়ামত বিয়লি ৪ বজাত শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।

ৰাজ্যপাল লক্ষণ প্রসাদ আচার্যই প্রেম সিং টামাং আৰু তেওঁৰ মন্ত্রীসভাৰ সদস্যসকলক পদ আৰু শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে, টামাঙে এইবাৰ দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিব।

শপতগ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত গেংটক পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়, বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ থাকিব। শপতগ্রহণ অনুষ্ঠানৰ বাবে গ্রহণ কৰা নিৰাপত্তামূলক পদক্ষেপ আৰু যান-বাহন চলাচলকৰ ক্ষেত্ৰত আৰোপ নিক্ষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ ৰখা হৈছে।

উল্লেখযোগ্য যে, ছিকিম ক্রান্তিকাৰী মৰ্চাই বিধানসভাৰ ৩২খনৰ আসনৰ ৩১খনতেই জয়লাভ কৰিছিল। ছিকিম ডেমক্রেটিভ ফ্রন্টে এখন আসন লাভ কৰিবলৈ সক্ষম হয়।

দ্বিতীয়বাৰৰ বাবে প্রেম সিং টামাঙৰ শপত গ্ৰহণ...
মাজবাট আৰক্ষীৰ সফলতাঃ ৫২১কেজি নিচাযুক্ত সামগ্ৰী জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in