ডিজিটেল সংবাদ, চিলাপথাৰঃ আজি সন্ধিয়া চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত সুনাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসটি পালন কৰা হয় । আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰাহুল গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত প্ৰথমতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিৎ গগৈ আৰু জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকাই ।
ইয়াৰ পিছতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ কাষত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল শইকীয়া; বিশিষ্ট সাংস্কৃতিককৰ্মী নৃপেন বৰঠাকুৰ আৰু শিক্ষক লক্ষীনাথ বৰাদেৱে । ভাৰতৰত্ম ভূপেন হাজৰিকাদেৱৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰে অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে ।
ইয়াৰ পিছতে অৰ্ধ শতাধিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত দাপোনৰ ভাষাৰ গৱেষক ড° উত্তম দাস; গকুল শইখীয়া; নৃপেন ; ভুবন দাস; লক্ষীনাথ বৰা; দেবেন ডেকা; বিক্ৰমজিৎ গগৈ আদিয়ে বক্তব্য প্ৰদান কৰি সুধাকণ্ঠ তথা অসমৰ মৰমৰ শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
সভাত উপস্থিতসকলে পৰৱৰ্তীসময়ত চিলাপথাৰ শ্বহীদ ভৱনৰ চৌহদ সুধাকণ্ঠ গৰাকীৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে প্ৰয়োজনীয় প্ৰদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ছাত্ৰনেতা দেবেন ডেকাই ৰাইজৰ আগত ব্যক্ত কৰে ।