শিলচৰৰ 'নবাব হোটেল'ত মাংসত ওলাল পইতাচোৰা...

শিলচৰৰ 'নবাব হোটেল'ত মাংসত ওলাল পইতাচোৰা...

author-image
Asomiya Pratidin
New Update
শিলচৰৰ 'নবাব হোটেল'ত মাংসত ওলাল পইতাচোৰা...

ডিজিটেল সংবাদ, শিলচৰঃ দুৰ্গাপুজাৰ সময়ত এইবাৰ শিলচৰৰ হোটেলত চিকেনৰ প্লেটত ওলাল গেলাপচা পইতাচোৰা। হোটেল কৰ্মচাৰীৰ অসাৱধনতাৰ বাবে এইদৰে চিকেনৰ প্লেটত পোৱা গৈছে মৃত পইতাচোৰা।

চিকেনৰ প্লেটত পইতাচোৰা উদ্ধাৰ হোৱা বিষয়টো হোটেলৰ কৰ্মচাৰীৰ দৃষ্টি গোচৰ কৰাৰ পিচত ওলোটাই অভিযোগ দিয়া গ্ৰাহক জনৰ বিৰুদ্ধে সৰৱ হয় হোটেলৰ কেছিয়াৰ গৰাকী। ইয়াকে লৈ গ্ৰাহক আৰু হোটেলৰ কৰ্মচাৰীৰ মাজত যথেষ্ট বাক বিতণ্ডাৰো সৃষ্টি হয়।

এই ঘটনা সংঘটিত হৈছে শুক্ৰবাৰে নিশা শিলচৰ ক্লাৱৰোডত থকা নবাব ৰেষ্টুৰেন্টত। পুজাৰ সময়ত পৰিয়াল লগত লৈ নিশাৰ আহাৰ গ্ৰহন কৰিবলৈ গৈছিল এজন গ্ৰাহক। আহাৰ খাবলৈ লওতেই চিকেনৰ প্লেটত উদ্ধাৰ হৈছিল এই মৃত পইতাচোৰাটো। হোটেলৰ কৰ্মচাৰীক বিষয়টো অবগত কৰাৰ লগে লগে পইতাচোৰা থকা প্লেট খন লৈ যায়।

পিচত গ্ৰাহক জনে বিষয়টো আৰক্ষী আৰু স্বাস্হ্য বিভাগৰ যুটীয়া সঞ্চালকক অবগত কৰা হয় যদিও আৰক্ষী আৰু স্বাস্হ্য বিভাগৰ কোনো লোক হোটেল খনত উপস্হিত নোহোৱাৰ‌ অভিযোগ উত্থাপিত হৈছে। এতিয়া প্ৰশ্ন হল মানুহৰ স্বাস্হ্য আৰু জীৱনক লৈ হেতালি খেলা এই নবাব ৰেষ্টুৰেন্ট খনৰ বিৰুদ্ধে স্বস্হ্য বিভাগ আৰু প্ৰশাসনে কিবা ব্যৱস্হা লবনে , সেয়া হব লক্ষণীয় ।

শিলচৰ