সংকটৰ গৰাহত শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰঃ মন্দিৰ খেলপথাৰ সংৰক্ষন সমিতিৰ গোহাৰি

সংকটৰ গৰাহত শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰঃ মন্দিৰ খেলপথাৰ সংৰক্ষন সমিতিৰ গোহাৰি

author-image
Asomiya Pratidin
New Update
সংকটৰ গৰাহত শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰঃ মন্দিৰ খেলপথাৰ সংৰক্ষন সমিতিৰ গোহাৰি

ডিজিটেল ডেস্কঃ শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰখন সংকোচিত হৈ যোৱা সন্দৰ্ভত শিলপুখুৰী শ্মশান কালী মন্দিৰ খেলপথাৰ সংৰক্ষন আহ্বায়ক মণ্ডলীয়ে বৃহস্পতিবাৰে ৰাইজক উদ্দেশ্যি এখন গোহাৰি দিয়ে। গোহাৰিৰ জৰিয়তে শিলপুখুৰী, কথাচল, নিজৰাপাৰ, নৱগ্রহ, চেনিকুঠী, গান্ধীবস্তি, পেঞ্চনপাৰা আদিকে লৈ এই বৃহত্তৰ অঞ্চলটোৰ সমাজ সচেতন ৰাইজক শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰখন সময়ৰ গতিত সংকোচিত হৈ সংকটৰ গৰাহত পৰা বুলি জানিবলৈ দিয়ে।

ইয়াৰ অন্তৰ্গত অনুষ্ঠান-প্রতিষ্ঠান সমূহে ৰাইজৰ অজ্ঞাতে একো একোটা বৃহৎ সীমা অধিকাৰ কৰি বৃহৎ অট্টালিকা সাজি লোৱাৰ ফলত ইয়াৰ কলেবৰ সংকোচিত হৈ এক-তৃতীয়াংশ মানহে অৱশিষ্ট হিচাবে ৰোৱা বুলিও গোহাৰিত উল্লেখ কৰে। তাতো এই অনুষ্ঠান-প্রতিষ্ঠান সমূহৰ গাড়ী-মটৰ, স্কুটাৰ আদি পাৰ্ক কৰি থৈ দিয়াৰ বাবে কণ কণ ল'ৰা-ছোৱালীৰ পৰা বয়োবৃদ্ধালৈকে কোনেও মুক্ত মনেৰে খেলা-ধূলা, খোজকঢ়া, ব্যয়াম আদিৰ অনুশীলন কৰিব নোৱাৰা হৈ পৰিছে।

ইয়াৰোপৰি খেলপথাৰখনৰ মাটি ভাগ তচনচ্ হৈ পৰিছে লগতে ৰাতি হ'লে কিছুমান দুস্কৃতিকাৰীৰ আদ্দাত পৰিণত হৈছে। মুঠতে এক কদর্য্য পূর্ণ পৰিবেশে আবৰি ধৰিছে। এটা সময়ত গুৱাহাটী পৌৰ নিগমৰ তত্বাৱধানত সৰু ল'ৰা-ছোৱালীৰ উদ্যান, খেলপথাৰ হিচাবে ব্যৱহৃত হোৱা এই স্থানৰ বৰ্তমানৰ দূৰৱস্থা অতিকে দুখজনক আৰু ই এখন সভ্য সমাজৰ বাবে অতি উদ্বেগৰ বিষয় বুলিও জনাই আহ্বায়ক মণ্ডলীয়ে ।

লগতে তেওঁলোকে কেইবা বাৰো এই বিষয়ৰ ওপৰত সভা পাতি এই অনুষ্ঠান সমূহক নিমন্ত্রণ জনাইছিল যদিও তেওঁলোকৰ কোনো কৰ্মকৰ্তা উপস্থিত নাথকা বুলি জনায়। সেয়ে আহ্বায়ক মণ্ডলীয়ে উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই বিষয়টো অঞ্চলৰ সমূহ ৰাইজ তথা সচেতন ব্যক্তি, পৌৰ নিগম আৰু ৰাজ্য চৰকাৰৰ ওচৰলৈ লৈ যাব বিচাৰিছে।

অহা ১১ আগষ্ট (ৰবিবাৰ) দিনৰ ১০ বজাত শিলপুখুৰী শ্মশান কালী মন্দিৰ খেলপথাৰ বচাও শীর্ষক এক প্রতিবাদী সভা লগতে এক সমদল আয়োজন কৰিছে। সকলো সমাজ সচেতন ব্যক্তিক ইয়াত যোগদান কৰিবলৈ আহ্বান জনাই আহ্বায়ক মণ্ডলীয়ে।

Also Read: গড়গাঁও মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ লাইভ টেলিকাষ্টঃ উপস্থিত সুশান্ত বৰগোহাঁই

silpukhiri kalimandir