ইনাৰ হুইল ক্লাৱৰ উদ্যোগত অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গীত- মাতৰ অনুষ্ঠান

ইনাৰ হুইল ক্লাৱৰ উদ্যোগত অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গীত- মাতৰ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ইনাৰ হুইল ক্লাৱৰ উদ্যোগত অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গীত- মাতৰ অনুষ্ঠান

ডিজিটেল ডেস্ক : মহানগৰীৰ বশিষ্ঠস্থিত অন্ধ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ সৈতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি এটা দিন পাৰ কৰিলে ইনাৰ হুইল ক্লাৱ, গুৱাহাটীৰ সদস্যসকলে। ছাত্ৰ- ছাত্ৰীৰ মানসিক বিকাশৰ উদ্দশ্যে ক্লাৱটোৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে গান-বাজানাৰ লগতে খেলা-ধুলা অনুষ্ঠিত কৰা হয়।

ইয়াৰোপৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ও কৰে সদস্যাসকলে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিভিন্ন অনুষ্ঠানৰ মাজতে দুপৰীয়া সকলোৱে মিলি আহাৰ গ্ৰহণ কৰে। এই আহাৰৰ যোগান ধৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়াই জি এম ডি এৰ জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাসে ৷

ইফালে আজিৰ দিনটোত অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জি এম ডি এৰ নগৰ পৰিকল্পনা বিষয়া দেৱৰাজ কলিতা । কলিতাই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা বাবে ইনাৰ হুইল ক্লাবৰ শলাগ লয় ৷ অন্ধ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এনেকুৱা প্ৰচেষ্টা লোৱা ক্লাৱটোৰ সকলো সদস্যক ভূয়সী প্ৰশংসা কৰে।

শেষত ক্লাৱৰ বিষয়ববীয়াই জানিবলৈ দিয়ে যে এনেকুৱা বিভিন্ন আঁচনি লৈ ইনাৰ হুইল ক্লাবে সমাজৰ হিতৰ কাৰণে ইতিমধ্যে বহুকেইটা কাম কৰাৰ পৰিকল্পনা হাতত লৈছে ৷

Also Read: বড়োলেণ্ড মহোৎসৱত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

অন্ধ বিদ্যালয়