শিৱসাগৰ গ্ৰন্থ উৎসৱঃ সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনক 'প্ৰজ্ঞাৰ সাধক-২০২৪ বঁটা' প্ৰদান...

শিৱসাগৰ গ্ৰন্থ উৎসৱঃ সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনক 'প্ৰজ্ঞাৰ সাধক-২০২৪ বঁটা' প্ৰদান...
Published on
Updated on

ডিজিটেল সংবাদ, নামতিঃ শিৱসাগৰ জিলা নামতি অঞ্চলৰ অন্যতম আৰ্থ-সামাজিক,সাহিত্য আৰু সাংস্কৃতিক বিকাশ মঞ্চ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, জোনাকী সমাজে আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত খোজৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত খেজুৰিতল জ্ঞানজ্যোতি বিদ্যাপীঠৰ কণ কণ ছাত্ৰ-ছাত্ৰী দ্বাৰা এক বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই ভাষাতত্ত্ববিদ, সু-কবি, লোকসংস্কৃতিৰ সাধক, শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত জোনাকী সমাজৰ "প্ৰজ্ঞাৰ সাধক-২০২৪ বঁটা" প্ৰদান কৰে।

উল্লেখযোগ্য যে, স্বেচ্ছাসেৱী অনুষ্ঠান জোনাকী সমাজে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণসাধন হোৱাকৈ বিভিন্ন সময়ত ভিন্ন ভিন্ন কৰ্ম আঁচনি ৰূপায়ন কৰি আহিছে। আনহাতে, উক্ত অনুষ্ঠানতে দেৱযানী শইকীয়া গগৈৰ দ্বিতীয়খন কাব্যগ্ৰন্থ "চৰাইটো মোৰ নাছিল" উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in