Miya Controversy: জাক জাক শ্ৰমিকে এৰিছে শিৱসাগৰ...

Miya Controversy: জাক জাক শ্ৰমিকে এৰিছে শিৱসাগৰ...

Published on

ডিজিটেল সংবাদ, শিৱসাগৰঃ পুনৰ উত্তপ্ত হ’ব উজনি অসম ৷  শিৱসাগৰ সহিতে উজনি অসমত বিভন্ন পেচাত জড়িত থকা হাজাৰ হাজাৰ লোকে ভাড়াঘৰ এৰি পলায়ন কৰিছে৷যোৱা দুটা সপ্তাহত শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ শ শ ভাড়াঘৰ খালী হৈ পৰিছে৷

আনহাতে কাম কৰাৰ বিনিময়ত টকা দিবলৈ বাকী থকা অনেক লোকে এই সুযোগ গ্ৰহণ কৰি শ্ৰমিক সকলক ভয় ভাবুকি প্ৰদৰ্শন কৰিছে ৷ আন একাংশই টকা পইচা আত্মসাৎ কৰাৰ বাবে অখিলঞ্জীয়া লোকক মাৰপিট কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৷

শিৱসাগৰ চহৰৰ আৰু উপকণ্ঠ অঞ্চলৰ  ভাড়ঘৰত থকা লোকসকলে বাছ, নৈশ বাছ আদি ভাড়া লৈ স্বগৃহলৈ ঢাপলি মেলিছে ৷ নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক সকলে সঁজুলি লৈ স্বগৃহলৈ ঢাপলি মেলাত স্থানীয় ঠিকাদাৰ আৰু ঘৰৰ গৰাকী বিব্ৰত অৱস্থাৰ সন্মুখীন হৈছে৷ 

এনে এক সময়তে আটাছুৰ মিলন বুঢ়াগোহাঁই গোটে সন্দেহযুক্ত তথা পমুৱা মুছলমানক পুনৰ উজনি অসম ত্যাগৰ নিৰ্দেশ দিছে৷খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম সন্দৰ্ভত  মিলন বৰগোহাঁই আৰু ভাস্কৰজ্যোতি বৰগোহাঁইয়ে উজনিত পুনৰ নিষিদ্ধ কৰিছে নগাঁও মাছ আৰু পাচলি ৷ উজনি অসমত অসমীয়া থাকিব মিয়া ওলাব লাগিব বুলি হুংকাৰ দিছে ৷

উজনিৰ পৰা পমুৱা মুছলমান লোকক উজনিৰ পৰা বিতাড়ণ কৰা হ’ব ৷  এই লোকসকলক উজনিৰ পৰা বিতাড়ণ কৰাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি মিলন বুঢ়াগোঁহাইয়ে স্পষ্ট মত প্ৰকাশ কৰিছে। তেওঁৰ স্পষ্ট কথা অবৈধ পমুৱা মুছলমানে গ্ৰাস কৰিছে সমগ্ৰ অসম। 

মিলন বুঢ়াগোহাঁই আৰু  ভাস্কৰ বৰগোহাঁইয়ে এই বুলি স্পষ্ট কৰিছে যে পমুৱা মুছলমানক বিতাড়ণ কৰাৰ বাবে আৰম্ভ কৰা সংগ্ৰামক একপক্ষই স্তিমিত কৰাৰ ষড়যন্ত্ৰ কৰিছে ।  আনহাতে, উজনিৰ ইটাভাটাসমূহত পমুৱা মুছলমানক নিয়োজিত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বহু ইটাভাটাত আৰু গৃহ নিৰ্মাণৰ কামত পমুৱা মুছলমান শ্ৰমিকক পুনৰবাৰ নিয়োগ কৰাৰ বাবে একাংশই কুচ কাৱাজ আৰম্ভ কৰিছে ৷ 

সেই চক্ৰটোকো সকিয়নি প্ৰদান কৰি  কোনো কাৰণতে উজনিত পমুৱা মুছলমানক আহিবলৈ দিয়া নহ'ব, অন্যথা খণ্ডযুদ্ধত লিপ্ত হ'ব লাগিব বুলি মন্তব্য কৰিছে।  খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে অহা সোমবাৰৰ পৰা গাঁৱে গাঁৱে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। 

ভাস্কৰ বৰগোহাঁইৰ স্পষ্ট কথা  হিন্দুৱেই হওক বা মুছলমানেই হওক, অখিলঞ্জীয়া সকলোৰে প্ৰতি আটাছুৰ যি স্থিতি সদায় একেই থাকিব। এই আন্দোলনক ধৰ্মীয়কৰণ কৰি ৰাজনৈতিক লাভালাভৰ অংকৰে স্তিমিত কৰিবলৈ চেষ্টা কৰা কোনো পক্ষকে সহ্য কৰা নহ'ব। এন আৰ চিৰ শেষ প্ৰতিবেদন অনুসৰি ২০ লাখ অবৈধ বাংলাদেশী চিনাক্তকৰণ হোৱাৰ কথা উল্লেখ কৰি ভাস্কৰ বৰগোহাইয়ে কয় যে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে গণ্য কৰি বাংলাদেশী সকলোকে বিতাড়ণ কৰাৰ ব্যৱস্থা কৰক।

নগাঁৱৰ মাছৰ আমদানিৰ ক্ষেত্ৰটো সংগঠনটোৱে কয় যে ইউৰিয়াযুক্ত মাছ কোনোপধ্যেই উজনিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব, দৰকাৰ হ'লে ৰাজপথতে এনে মাছ যোগানকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।  উল্লেখ্য যে যোৱা ১৩ আগষ্টত শিৱসাগৰ চহৰত ভৰ দুপৰীয়া এগৰাকী কিশোৰী ৰাষ্ট্ৰীয় খেলুৱৈক কেইজনমান অনা অসমীয়া  বেপাৰীয়ে গুৰুলা গুৰুলকৈ মাৰপিট কৰাৰ লগতে দেহৰ কাপোৰ পৰ্যন্ত ফালি পেলোৱাৰ পিছত কিশোৰী গৰাকীক ন্যায় প্ৰদান কৰিব নোৱাৰাত স্বাভাৱিকতে শিৱসাগৰৰ সচেতন ৰাইজ চিন্তিত হৈছিল আৰু এই আক্ৰমণৰ প্ৰতিবাদ কৰিছিল।

এই প্ৰতিবাদ স্বাভাৱিকতে এক চিন্তাৰ দ্বাৰা হৈছিল, যি হৈছে অসমৰ খিলঞ্জীয়া জনগণৰ নিৰাপত্তা প্ৰশ্ন মাটি ,সম্পদ তথা ৰাজনৈতিক অধিকাৰৰ ।  শিৱসাগৰৰ জনগণ স্বতস্ফূৰ্ত ভাৱে নামি পৰিছিল প্ৰতিবাদত । ইয়াৰ দুদিন পিছতেই গৃহ বিভাগৰ চূড়ান্ত বিফলতা প্ৰকাশ কৰি ধিঙত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছিল। এই ঘটনাৰ তীব্ৰ গৰিহণা দি ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো তীব্ৰ প্ৰতিবাদ হৈছিল।

প্ৰতিবাদৰ মাজতেই   দুই এক সংগঠনৰ  নেতৃত্বই  ধিং কাণ্ডৰ সমালোচনা কৰিবলৈ গৈ শিৱসাগৰৰ পৰা মিঞা যাব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। উক্ত বক্তব্য ৩০ সংগঠনৰ বুলি সৰ্বত্ৰে প্ৰকাশ পাইছিল যদিও বাস্তৱত এয়া ৩০ সংগঠনৰৰ প্ৰস্তাৱ নাছিল । ইয়াৰ পিছতেই সকলোকে আচৰিত কৰি শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা মিঞা খেদা হ’ব বা হৈছে জাতীয় বাতৰি প্ৰকাশ কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰা হ’ল।

ইয়াৰ মাজতেই আকৌ বহিৰাগত বণিয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশ গ্ৰহণ কৰা নেতাসকলক পুলিচে চমন জাৰি কৰি আন্দোলনৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিলে। মূলত খিলঞ্জীয়া মাটি আৰু সম্পদৰ অধিকাৰ আন্দোলনক  ক্ষোভক অন্য দিশে পৰিচালিত কৰি অসমত খিলঞ্জীয়া বনাম মিঞা, হিন্দু বনাম মুছলমানৰ এক বাগধাৰা সৃষ্টি হ’ল ৷

ইফালে নগাঁৱৰৰ মীন উৎপাদন কৰা একাংশই  উজনি অসম বৰ্জন কৰা, উজনি অসমলৈ মাছ নপঠিওৱা আদিৰ দৰে অতি চূড়ান্ত বিভেদকামী মন্তব্য কৰিলে ৷ উজনিৰ কেইবাটাও সংগঠনৰ নেতাই মিঞাৰ মাছ উজনিত প্ৰবেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে ৷ কিন্তু নগাঁৱৰ পৰা গাড়ীয়ে গাড়ীয়ে মাছ উজনিলৈ আহিয়েই আছে ৷ এই ক্ষেত্ৰত সকলো মৌন ৷

Miya Controversy: জাক জাক শ্ৰমিকে এৰিছে শিৱসাগৰ...
অশান্ত মণিপুৰঃ পৰিবহন মন্ত্ৰীৰ ঘৰত শক্তিশালী বোমা বিস্ফোৰণ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in