শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ দুৰ্গাদেৱী দ'লত সমন্বয়ৰ অনুপম নিদৰ্শন...

শিৱসাগৰৰ ইতিহাসপ্ৰসিদ্ধ দুৰ্গা দ'লত সমন্বয়ৰ অনুপম নিদৰ্শন...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ দুৰ্গাদেৱী দ'লত সমন্বয়ৰ অনুপম নিদৰ্শন...

ডিজিটেল সংবাদ, শিৱসাগৰঃ আহোম যুগৰ অন্যতম স্মৃতি স্বাক্ষৰ শিৱসাগৰৰ দুৰ্গাদেৱী দ’লত  আহোম স্বৰ্গদেউ সকলৰ ধৰ্ম নিৰপেক্ষতা, উদাৰতা আৰু সমন্বয়ৰ দিশ প্ৰতিফলিত কৰি ইছলাম ধৰ্মাৱলম্বী দৌল্লা পৰিয়ালক বলি দিবলৈ অনা জীৱন্ত ছাগলী প্ৰদান কৰা হয় ৷ আহোম যুগৰে পৰা এই পৰম্পৰা অক্ষুণ্ণ ৰখা হৈছে ৷ যি সময়ত একাংশ ৰাজনৈতিক নেতাই ৰাজনৈতিক স্বাৰ্থত মূল সমস্যাসমূহ তল পেলাই ৰখাৰ বাবে মানুক হিন্দু— মুছলমান হিচাপে ভাগ ভাগ কৰি সাম্প্ৰদায়িক সংঘাত বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে শিৱসাগৰ দ’ল উন্নয়ন সমিতিয়ে প্ৰদান কৰিছে সমন্বয়ৰ বাৰ্তা ৷

উল্লেখ্য যে আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালৰে পৰা ঐতিহাসিক দলটোত আধ্যাত্মিক পৰিবেশত দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে। স্বৰ্গদেউসকলৰ ৰাজত্বকালত ঐতিহাসিক দ'লটোৰ ভিতৰভাগত স্থাপন কৰা দুৰ্গাদেৱীৰ স্থায়ী প্ৰতিমা থকা সত্ত্বেও দুর্গা পূজাৰ সময়ত ইয়ালৈ দুৰ্গাদেৱীৰ বৃহৎ আকাৰৰ প্ৰতিমা অনা হয়। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰ দুৰ্গাদেৱীৰ প্ৰতিমা আগবঢ়াইছে দ’ল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈয়ে। 

দুৰ্গাদেৱীৰ পূজাৰ লগত আহোম ৰাজত্বকালৰ এক সোণালী ইতিহাস লিপিবদ্ধ হৈ আছে। বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাই অসমলৈ আহোতে নিজা ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতি বুকুত সামৰি আনিছিল যদিও তেওঁ ধৰ্মৰ ক্ষেত্ৰত আছিল অত্যন্ত উদাৰ। যিহেতু ধৰ্ম প্ৰচাৰ তেওঁৰ উদ্দেশ্য নাছিল। মহান স্বৰ্গদেউগৰাকীয়ে কেঁচাইখাঁতী গোসাঁনীৰ পৰা আৰম্ভ কৰি ৰামখাপীঠলৈকে সকলো প্ৰতিষ্ঠান তথা দেৱ দেৱীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল।

স্বৰ্গদেউ চুকাফাৰ পৰা চুডাংফা (বামুণীকোঁৱৰ লৈকে ৰাজ আবেষ্টনীত চোমদেও পূজা চলিছিল। পিচলৈ, ভালেকেইগৰাকী আহোম স্বৰ্গদেৱে হিন্দু ধৰ্মাৱলম্বী লোকৰ পূজ্য দেৱ-দেৱীক পূজা কৰিছিল। আনকি কেইবাগৰাকী স্বৰ্গদেৱে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। স্বৰ্গদেউ শিৱসিংহৰ দিনত শিৱ পূজা, দুৰ্গা পূজা আৰু বিষ্ণু পূজা ৰজাঘৰীয়া পৃষ্ঠপোষকতাত উদযাপন কৰা হৈছিল। বুৰঞ্জীৰ তথ্য অনুসৰি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পিচত শিৱসিংহ ৰাজপাটত বহিছিল। 

কিছুদিনৰ পিচত জ্যোতিষীসকলে ‘ছত্রভংগ যুগ’ পৰা বুলি মন্তব্য কৰাত তেওঁ একপ্ৰকাৰে চিন্তিত হৈ ১৭২২ খ্ৰীঃত বৰকুঁৱৰী ফুলেশ্বৰীক বৰ  ৰজাৰ “ছত্ৰ-দণ্ড” দি শাসনভাৰ গতাই নিজে উপদেষ্টা হৈছিল। ১৭৩১ খ্ৰীঃত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিচত তেওঁৰ ভগ্নী অম্বিকা দেৱী (দ্রৌপদী)ক বিয়া কৰাই আনি বৰৰজা হিচাপে, ছত্র-দণ্ড দিয়ে। এইগৰাকী বৰজাই শিৱসাগৰ পুখুৰী খন্দাই তাৰ পাচত শিৱদ’ল, বিষ্ণুদ'ল আৰু দুৰ্গাদেৱীৰ দ'ল নিৰ্মাণ কৰোৱায়।

স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালতে দ'ল চোৱা-চিতা কৰাৰ বাবে ইছলাম ধৰ্মাৱলম্বী দৌল্লা পৰিয়ালৰ লোকক দায়িত্ব অর্পণ কৰা হৈছিল। তেতিয়াৰে পৰা শিৱসাগৰৰ দুৰ্গাদেৱীৰ দ'লত দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে। একেদৰে বাকী দ'ল দুটাত শিব পূজা আৰু নাম-প্ৰসংগ অনুষ্ঠিত কৰি অহা হৈছে। 

আজি পুৱা  দ'লৰ ভিতৰত বলিৰ বাবে আগবঢ়োৱা পঠা ছাগলীৰ লগতে হাঁহ উচৰ্গা কৰাৰ পিচত বলি প্রক্রিয়া সম্পন্ন কৰা হয়। কেইবাদিনৰ পূৰ্বেই দ’ল চৌহদত বলিশাল সজাই তোলা হৈছিল। এই বলি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ লোক আহি ইয়াত উপস্থিত হয়হি।

দ'লৰ মজিয়াৰ অস্থায়ী বলিশালত ক'লা ছাগলী বলি দি বলি-বিধান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিচত সমীপতেই থকা বলিশাললৈ বলি প্ৰক্ৰিয়া স্থানান্তৰ কৰা হয়। আহোম যুগৰে পৰা বলি দি অহা বলিকটীয়া পৰিয়ালৰ ক্ষীৰোদ দত্ত, ধীৰেন শ‍ইকীয়া, ফুনু শ‍ইকীয়া, নয়নজ্যোতি শ‍ইকীয়া, অভিষেক দত্ত আৰু হৰেশ দত্তই ৰজাদিনীয়া বলিকটীয়া দালৈ বলি প্ৰক্ৰিয়া সমাপ্ত কৰে। 

শিৱসাগৰৰ এই দুৰ্গোৎসৱৰ লগত  লগত সমন্বয়ৰ এক এৰাব নোৱৰা দিশ জড়িত হৈ আছে। ইতিহাসপ্রসিদ্ধ শিৱদ’ল, বিষ্ণুদ'ল আৰু দুৰ্গাদেৱী দ'লৰ লগত আহোম আৰু মুছলমানৰ এক সমন্বয়ৰ দিশ জড়িত হৈ আছে। এই শিৱদ’লত আহোম স্বৰ্গদেউসকলৰ দিনত কেৰকণ গৰিয়াৰ দৰে অনেক মুছলমান শিল্পীয়ে ঢোল বজাই সেৱকক ভক্তিত মত্ত কৰাইছিল। আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত এই দ'লটোৰ চোৱা-চিতা কৰা ইছলাম ধৰ্মাৱলম্বী দৌল্লা পৰিয়ালক দ'লত উচৰ্গা কৰা এটা পঠা ছাগলী জীৱন্তভাৱে প্ৰদান কৰা হৈছিল।

স্বৰ্গদেউসকলৰ ৰাজত্বকালতেই দ'ল চোৱাচিতা কৰা পৰিয়ালটোলৈ জীৱন্ত ছাগলী আগবঢ়োৱা ব্যৱস্থা কৰা হৈছিল। সেই পৰম্পৰা বৰ্তমানো অব্যাহতৰাখিছে দ'ল পৰিচালনা সমিতিয়ে। একেদৰে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি বেতবাৰী অঞ্চলত থকা বৰপাত্ৰগোহাঁই পৰিয়াললৈও পূজাৰ প্ৰসাদ আগবঢ়ায়। এইবাৰো পূৰ্ব পৰম্পৰা ৰক্ষা কৰা হয়।

আজিৰ নিৰ্মালি প্ৰদান অনুষ্ঠানত বৰপাত্ৰগোঁহাই পৰিয়ালৰ হৈ বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাই, দৌল্লা পৰিয়ালৰ হৈ ৰিণি দৌল্লা,তচমিয়া দৌল্লা, মিলি দৌল্লা, শ্বছকত দৌল্লা, চাফুৱান দৌল্লা, ৱাচিফা আহমেদ, জুনেইদ দৌল্লা,ইয়াছমিন দৌল্লা, মৌচুম দৌল্লা, ইৰচাদ আলী, চাহেদা বেগম আদি উপস্থিত থাকে ৷

উল্লেখ্য যে শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পঞ্চাশখন 'দুর্গোৎসৱ সমিতিয়ে দুৰ্গা পূজা অনুষ্ঠিত কৰে। সমুহ পূজাৰ প্ৰতিমা দিখৌ নদীৰ পকাঘাটত বিসৰ্জন দিয়া হয়। কিন্তু ঐতিহাসিক দুৰ্গাদেৱী দ'লৰ প্ৰতিমা বিসর্জনৰ পূৰ্বে কোনো এখন সমিতিয়েই তেওঁলোকৰ প্ৰতিমা বিসর্জন নিদিয়ে। সকলোৱে অপেক্ষা কৰি থাকে দ'লৰ প্ৰতিমা বিসৰ্জনৰ ক্ষণলৈ । ইয়াৰ পিচতহে বাকী প্রতিমাসমূহ দিখৌ নদীৰ বুকুত বিসর্জন দিয়া হয়। এয়াও এক পৰম্পৰালৈ ৰূপান্তৰিত হৈছে।

শিৱসাগৰ