শিৱসাগৰ  চহৰৰ  সদৰ থানাৰ নিচেই কাষতে বিধ্বসী অগ্নিকাণ্ড, এজনৰ মৃত্যু...

শিৱসাগৰ  চহৰৰ  সদৰ থানাৰ নিচেই কাষতে বিধ্বসী অগ্নিকাণ্ড, এজনৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ  চহৰৰ  সদৰ থানাৰ নিচেই কাষতে বিধ্বসী অগ্নিকাণ্ড, এজনৰ মৃত্যু...

ডিজিটেল সংবাদ, শিৱসাগৰঃ পোহৰা উৎসৱ দিপাৱলীত শিৱসাগৰৰ ভালেকেইটা পৰিয়াললৈ নামি আহিল ঘোৰ অন্ধকাৰ ৷ নিৰ্বাপত হ’ল এজন ব্যক্তিৰ জীৱন নিৰ্বাহ ৷ শিৱসাগৰৰ সদৰ থানাৰ সমীপৰ লক্ষীপ্ৰিয়া পথৰ (৭নং ৱাৰ্ড) কাষৰ ১১ টা ভাড়াঘৰত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন অগ্নিদগ্ধ হয় ৷ অগ্নিকাণ্ডত অগ্নিদগ্ধ হোৱা শ্যাম ৰায়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত তেওঁ বৰ্তমান চিকিৎসাধীন ।

এজন ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা  ব্যক্তিজনৰ নাম ৰাম ৰতন ৰায় । ৰাম ৰতন ৰায় এজন ৰং কৰা মিস্ত্রী আছিল। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অসম ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী আৰু অ’ এন জি চিৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে  প্ৰায় তিনি ঘণ্টা ধৰি চেষ্টা কৰাৰ পাছত জুই নিৰ্বাপিত  হয়।

আনহাতে জুই লগা স্থানত কেইবাটাও গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে। উক্ত ভাৰাঘৰ সমূহত চানাৱালা তথা খাদ্য প্ৰস্তত কৰা ভালেসংখ্যক ব্যক্তিয়ে ভাড়াতীয়া হিচাপে আছিল। ঘটনাস্থলীত নিশাই কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃত ব্যক্তি জনৰ অৱশিষ্ট উদ্ধাৰ কৰে। পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উল্লাহৰ মাজতে শিৱসাগৰৰ সদৰ থানাৰ সমীপতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই শিৱসাগৰত শোকৰ ছাঁ পেলাইছে ৷

অগ্নিকাণ্ডত আন এজন ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হয়। তেওঁক ৰাইজৰ তৎপৰতাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকট জনক অৱস্থাত ডিব্ৰুগড়লৈ নিশাই প্ৰেৰণ কৰে। গুৰুতৰভাৱে অগ্নিদ্ধগ্ধ হোৱা লোকজন শ্যাম মণ্ডল । পেছাত তেওঁ পেচাত এগৰাকী কাৰিকৰী আছিল । কালি মাজনিশা সংঘটিত এই অগ্নিকাণ্ড আজি পুৱতি নিশা নিয়ন্ত্ৰণলৈ আহে ৷

অগ্নিকাণ্ডত স্থানীয় এজন ব্যক্তিৰ বাসগৃহৰ লগতে দহটাকৈ  ভাড়াঘৰ সমূহ জ্বলি চাই হৈ যায়। অগ্নিকাণ্ড আতচবাজীৰ বাবে সংঘটিত হ’লনে চৰ্ট চাৰ্কিটৰ বাবে সংঘটিত হ’ল এই কথা বৰ্তমান পোহৰলৈ অহা নাই। উক্ত ভাড়াঘৰ সমূহৰ মালিক আছিল দিলীপ দত্ত। আজি প্ৰশাসনে কেউটা বিপদাপন্ন পৰিয়ালক থকাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰিছে ৷

Also Read: নেচনেল ষ্টক এক্সেঞ্জৰ গ্ৰাহকৰ সংখ্যাই অতিক্ৰম কৰিলে ২০ কোটিৰ ঘৰ...

শিৱসাগৰ