পুঁজিপতি গোষ্ঠীক ৰিগ গতাই দিয়াৰ ভাবুকিঃ জাতীয়তাবাদী সংগঠনৰ নেতাৰ দুমুখীয়া কাণ্ড...

পুঁজিপতি গোষ্ঠীক ৰিগ গতাই দিয়াৰ ভাবুকিঃ জাতীয়তাবাদী সংগঠনৰ নেতাৰ দুমুখীয়া কাণ্ড...
Published on
Updated on

ডিজিটেল সংবাদ, গেলেকীঃ অ' এন জি চিয় খনন উৎপাদন ৰিগ সমূহ এটাৰ পিছত এটাকৈ পুঁজিপতি গোষ্ঠীক অৰ্পণেৰে জাতিদ্ৰোহী কাৰ্যত লিপ্ত হোৱাৰ বিৰুদ্ধে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, সংগ্ৰামী যুৱছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা অসম, অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে জাতিৰ নামত দালালি কৰা এগৰাকীয়ে লৈছে পুঁজিপতি গোষ্ঠীৰ পক্ষ ৷ অ’এনজিচিৰ এগৰাকী বিষয়াক ফোন কৰি আই আৰ ৮ আৰু আই আৰ , ১০ নম্বৰৰ ৰিগ দুটা দুটা পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানক গতাই নিদিলে পৰিস্থিতি ভয়ানক হ’ব বুলি সকীয়াই দিয়ে ৷

মুখেৰে জাতীয়তাবাদৰ নামলৈ ভিতৰি ভিতৰি শাসকীয় দলৰ হৈ কাম কৰা তথাকথিত নেতা গৰাকীৰ জাতীয় চেতিয়াক সকলোৱে ধিক্কাৰ দিছে ৷ সভাই সমিতিয়ে স্বদেশপ্ৰেম আৰু জাতি ৰক্ষাৰ শ্ল’গান আওৰোৱা সংগঠনটোৰ তথাকথিত নেতা গৰাকীয়ে ৰিগ দুটাৰ এটা পেট্ৰটেক আৰু আনটো এন ই ডিক গতাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছে ৷ 

উল্লেখযোগ্য যে  অ' এন জি চিৰ অসম সম্পদৰ হাতত মাথোঁ চৈধাটা ৰিগহে আছিল। ইয়াৰে এটা বিদেশী কোম্পানীক গতাই দিয়াৰ পিচত বাকী থাকিব তেৰটা ৰিগ। এই তেৰটা ৰিগৰ ভিতৰৰ আৰু এটা পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ বাবে এটা বিশেষ চক্ৰই গভীৰ ষড়যন্ত্র অব্যাহত ৰাখিছে। 

খনন বিগটো বিদেশী কোম্পানীক ঠিকাভিত্তিকভাৱে অৰ্পণ কৰা হৈছে যদিও ইয়াৰ নেপথ্যত অ' এন জি চিৰে দুগৰাকী বিষয়া জড়িত আছে। এই বিষয়া দুগৰাকীয়ে পোনপটীয়াকৈ ৰিগৰ ঠিকা নিজৰ নামত ল'লে জনসাধাৰণ তথা দলসংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকা কৰি দুজন ঠিকাদাৰৰ নামত বিদেশী কোম্পানীৰ পৰা উপ-ঠিকা লোৱাৰ ব্যৱস্থা কৰে। ইয়াৰে এজন ঠিকাদাৰ নাজিৰাৰ আৰু আনগৰাকী নগাঁৱৰ।

এই দুগৰাকী ঠিকাদাৰ নামতহে থাকিব যদিও লুণ্ঠন চলাব অ' এন জি চিৰ দুগৰাকী বিষয়াই। নিৰ্ভৰযোগ্য সূত্রই জনোৱামতে অ' এন জি চিয়ে খনন ৰিগটো 'ছাউথ এছিয়া' নামৰ বহিৰাগত প্রতিষ্ঠানটোক নিবিদাৰ যোগেদি গতাই দিছে। কিন্তু অ' এন জি চিৰ অসম সম্পদ নিজৰ ৰিগটো বহিৰাগত প্রতিষ্ঠানটোক কিয় গতাই দিবলগীয়া হৈছে তাক লৈ প্রশ্ন উঠিছে। অ' এন জি চিয়ে অসম সম্পদত প্ৰয়োজনতকৈ অধিক বিষয়া-কৰ্মচাৰী থকাৰ বাবে নতুন নিযুক্তি ব্যৱস্থা নাকচ কৰিছে।

তদুপৰি যোৱাটো বিত্তীয় বৰ্ষত ১০০০ কোটি টকা লোকচান হোৱাৰ অজুহাতত হেজাৰ হেজাৰ পদ খালী হৈ থকাৰ পিচতো অসম সম্পদত নতুনকৈ নিযুক্তিৰ ব্যৱস্থা কৰা নাই। যদি অসম সম্পদত বিষয়া-কৰ্মচাৰীৰ সংখ্যা প্ৰয়োজনতকৈ অধিকেই আছে তেন্তে অ' এন জি চিয়ে নিজৰ এটা ৰিগ ঠিকাভিত্তিকভাৱে পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ যুক্তি ক'ত তাক লৈ প্ৰতিষ্ঠানটোৰ ভিতৰচ'ৰাতেই প্রশ্ন উঠিছে।

জানিব পৰামতে বহিৰাগত কোম্পানীটোৱে মাথোঁ খনন  ৰিগটোত বিষয়া-কৰ্মচাৰী যোগান ধৰিব। ইয়াৰ বিনিময়ত অ' এন জি চিৰ পৰা দৈনিক লাভ কৰিব ১.১৬ লাখ টকা। সেইমৰ্মে প্রতিষ্ঠানটোৱে এটা মাহত অ' এন জি চিৰ পৰা পাব ৩৪,৮০,০০০ টকা। এটা বছৰত ৪,১৭,৩৬,০০০ টকা আৰু তিনি বছৰত আদায় ল'ব ১২,৫২,৮০,০০০ টকা। তাৰ উপৰি অ' এন জি চিয়ে ইন্ধনৰ লগতে আন আন খৰচো বহন কৰিব। ৰিগ নিজৰ হোৱাৰ পিচতো অ' এন জি চিয়ে ইমান বৃহৎ অংকৰ ধন ব্যয় কৰিব লাগিব।

ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৰিগটোৰ বাবে ৬৫ গৰাকী বিষয়া-কৰ্মচাৰী যোগান ধৰিব লাগিব। মাহেকত ৩৪.৮০ লাখ টকা লাভ কৰিলেও এটা বিদেশী প্রতিষ্ঠানে লাভৰ মুখ দেখাতো বাদেই, ৰিগটো ভালদৰে পৰিচালনা কৰিবও নোৱাৰে। যিহেতু এই ঠিকাভিত্তিক ৰিগটোৰ চাৰিটা ছিফটৰ বাবে চাৰিগৰাকী চীফ ইনচার্জ, দুগৰাকী অধীক্ষক অভিযন্তা, এগৰাকী ৰিগ ইনচাৰ্জৰ উপৰি ৱেল্ডাৰ, ইলেকট্ৰিচিয়ান, ড্রিলিং এছিষ্টেণ্ট, মেকানিকেল মুঠ ৬৫ গৰাকী বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজন হ'ব। 

অ' এন জি চিৰ নিজৰ ৬৫ গৰাকী বিষয়া-কৰ্মচাৰী এই কামৰ পৰা আঁতৰাৰ পিচত তেওঁলোকক কি কামত নিয়োগ কৰিব তাক লৈ প্ৰশ্ন উঠিছে। আনহাতে ঠিকাদাৰী প্ৰতিষ্ঠানে মাহেকত ৩৪.৮০ লাখ টকাৰে অভিজ্ঞ অভিযন্তাসহ কাৰিকৰী দক্ষতা থকা বিষয়া নিয়োগ কৰিব নোৱৰাটো স্বাভাৱিক। অ' এন জি চিৰ নিজৰ ৬৫ গৰাকী বিষয়া-কৰ্মচাৰীৰ চিকিৎসা, আন আন ব্যয় বাদ দিলেও মাথোঁ দৰমহাৰ নামতেই মাহেকত অতি কমেও ১.৫০ কোটিৰো অধিক টকাৰ প্ৰয়োজন হ'ব।

১.৫০ কোটি টকাৰ কাম ১৮ শতাংশ বিভিন্ন কৰ বাদ দি প্রায় ২৮.৫৪ লাখ টকাত সম্পন্ন কৰাটো কিমান সম্ভৱ এই কথা সহজেই অনুমেয়। ঠিকাদাৰী প্ৰতিষ্ঠানে মাহেকত মাথোঁ ২৮.৫৪ লাখ টকাৰে অভিজ্ঞসম্পন্ন তথা অৰ্হতাসম্পন্ন বিষয়া-কৰ্মচাৰী নিয়োগ কৰাটো কোনোপধ্যে সম্ভৱ নহয়। ইমান কম টকাৰে কাম সম্পন্ন কৰিবলৈ হ'লে ঠিকাদাৰী প্ৰতিষ্ঠানে অনভিজ্ঞ তথা ভুৱা চাৰ্টিফিকেট লৈ অভিযন্তা তথা আই টি আই উত্তীৰ্ণ বুলি পৰিচয় দি বিভিন্ন পক্ষক মেনেজ কৰি ব্যক্তিগত ৰিগত কাম কৰা লোকক নিযুক্তি দিয়াটো স্বাভাৱিক বুলি জনসাধাৰণে মন্তব্য কৰিছে। যাৰ ফলত অ' এন জি চিৰ ঠিকাভিত্তিক ৰিগে খাৰুৱা তেল বা প্রাকৃতিক গেছ খনন কৰাৰ ক্ষেত্ৰত কিমান সফল হ'ব এই লৈ প্রতিষ্ঠানটোৰ ভিতৰচ'ৰাত সৰৱ আলোচনা চলিছে।

 অ' এন জি চিৰ যিহেতু বিষয়া-কৰ্মচাৰী আছেই তেনে ক্ষেত্ৰত নিজৰ ৰিগত নিজেই খনন নকৰি কাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানক বহু কোটিটকীয়া খনন ৰিগ গতাই দিছে। জানিব পৰামতে ৪৯০০ নম্বৰৰ ৰিগ বিকল হ'লে তাৰ মেৰামতিৰ কামো অ' এন জি চিয়ে কৰিব। অনভিজ্ঞ আৰু ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰে চাকৰি কৰা শ্রমিক-কৰ্মচাৰীৰে খনন ৰিগত কাম কৰিলে ৰিগ বিকল হোৱাৰ লগতে ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ আশংকা নুই কৰিব নোৱাৰি।

যিহেতু ইতিপূৰ্বে ধনশিৰি প্ৰকল্পৰ লগতে অইলৰ ৰিগত এনে ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে। এনে ঘটনাৰ পৰা অ' এন জি চিয়ে শিক্ষা নলৈ ৰহস্যজনক কাৰণত খনন ৰিগ ঠিকাভিত্তিকভাৱে গতাই দিয়া বিষয়টোক কেন্দ্ৰ কৰি সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ৩০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উপৰি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই অ' এন জি চিৰ অসমবিৰোধী চক্ৰৰ কাম-কাজত ক্ষুণ্ণ হৈ প্ৰতিষ্ঠানটোক বাৰম্বাৰ এনে কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু অ' এন জি চিয়ে দল-সংগঠনৰ প্ৰতিবাদক ভ্রূকুটি কৰি থলুৱাবিৰোধী কাৰ্যত লিপ্ত হৈছ ৷

 ইয়াৰ পিছতো শাসকীয় দলৰ মন্ত্ৰী বিধায়কৰ লগত নিবিড় সম্পৰ্ক থকাৰ সাহসতেই জাতীয়তাবাদৰ নাম লৈ অ’এনজিচিৰ বিষয়াক সংগঠনৰ  নেতাই নিজকে বাঘ সিংহ বুলি দোহাৰি ৰিগ পুঁজিপতি গোষ্ঠীক গতাবলৈ নিৰ্দেশ দিয়াৰ অন্তৰত কি ৰহস্য নিহিত আছে এই কথা সকলোৰে জ্ঞাত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in