ডিজিটেল সংবাদ, শিলচৰ: কলিকতাৰ আৰ জি কৰ মেডিকেলৰ এগৰাকী কৰ্তব্যৰত চিকিংসকক ধৰ্ষণ কৰি নৃশংসভাবে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত নামিল অসমৰ চিকিৎসক। আৰ জি কৰ মেডিকেলৰ চিকিৎসক হত্যাৰ প্ৰতিবাদত সোমবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসক সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
SMCH ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ উদ্যোগত চিকিৎসা মহাবিদ্যালয় খনৰ সকলো চিকিৎসক মিলিত হৈ ক'লা বেজ পৰিধান কৰে। আৰ জি কৰ মেডিকেলৰ ২২ বছৰীয়া ট্ৰেইনি চিকিৎসক গৰাকীক ধৰ্ষণ কৰি নিৰ্মম ভাবে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত মৌন প্ৰাৰ্থনা কৰে চিকিৎসক সকলে। কৰ্তব্যৰত চিকিৎসক গৰাকীক নৃশংস ভাবে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা জনোৱাৰ লগতে দোষী ব্যক্তি সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় চিকিৎসক সকলে।
তদুপৰি, প্ৰতিখন মেডিকেলত কৰ্মৰত চিকিৎসক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী জনায় প্ৰতিবাদী চিকিৎসক সকলে। এনে পৰিস্থিতিত আৰ জি কৰ মেডিকেলৰ চিকিৎসক সকলৰ সৈতে একেলগে থিয় দিবলৈ সাজু থকা বুলিও কয় প্ৰতিবাদী চিকিৎসক সকলে। প্ৰতিবাদী কাৰ্যসূচীত এচ এম চি হাস্পতালৰ অধ্যক্ষ ডা: ভাস্কৰ গুপ্ত, কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ছলমান চৌধুৰী সহ প্ৰতিটো বিভাগৰ চিকিৎসক সকলে অংশগ্ৰহণ কৰে।
শেহতীয়া খবৰ মতে, কৰ্তব্যৰত সময়ত এগৰাকী চিকিৎসকক নৃশংস ভাবে হত্যা কৰা ঘটনাৰ পিচত বাধ্য হৈ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডা: সন্দীপ ঘোষে আজি অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে। পদত্যাগৰ পিচত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে,এই ঘটনাৰ পিচত সামাজিক মাধ্যমত তেওঁক বেয়াকৈ বদনাম কৰা হৈছে। মৃত চিকিৎসক গৰাকী তেওঁৰ কন্যা সম। সেয়ে অভিভাবক হিচাপে তেওঁ অধ্যক্ষ পদৰ পৰা ইস্তফা দিছে। ইস্তফা দিবলৈ তেওঁক কোনেও বাধ্য কৰোৱা নাই। ইফালে, চিকিৎসক হত্যা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩জন কনিষ্ঠ চিকিৎসক আৰু এজন হাউচ কিপিং ষ্টাফক সোধাপোছাৰ বাবে থানালৈ প্ৰেৰণ কৰিছে।
Also Read: বটদ্ৰৱা বৰভেটি মোক্তাবত সম্প্ৰীতিৰ ভোজন কাৰ্যসূচী