Smriti Irani: ২০২৫ৰ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱাল Vs স্মৃতি ইৰানী!

Smriti Irani: ২০২৫ৰ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱাল Vs স্মৃতি ইৰানী!
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক লৈ এইবাৰ নতুন সমীকৰণ কৰিছে বিজেপিয়ে। সকলো ঠিকে ঠাকে তথা বিজেপিয়ে ভৱামতেই হ’লে ২০২৫ত অনুষ্ঠিত হবলগীয়া দিল্লী বিধানসভা নিৰ্বাচনত  বিজেপিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব স্মৃতি ইৰানীক। ইতিমধ্যে স্মৃতি ইৰানীক দিল্লীত থাকি দলীয় কাম-কাজত সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় নেৃতৃত্বই নিদেৰ্শনা প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দিল্লীৰ ১৪খন জিলাৰ ভিতৰত ৭খন জিলাৰ সদস্যভৰ্তি প্ৰক্ৰিয়াৰ দায়িত্ব অৰ্পন কৰা হৈছে স্মৃতি ইৰানীৰ কান্ধত। এই কাম সফলতাৰে সম্পন্ন কৰিবলৈ দক্ষিণ দিল্লী অঞ্চলত শেহতীয়াকৈ এটা ঘৰো ক্ৰয় কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

বিজেপিৰ এগৰাকী নেতাৰ ভাষ্য ভিত্তিত পি টি আয়ে প্ৰকাশ কৰা এক খবৰ অনুসৰি, অৰবিন্দ কেজৰিৱালক ২০২৫ত প্ৰত্যাহ্বান জনাব পৰাকৈ এগৰাকী নেতাৰ সন্ধানত আছে বিজেপি। বৰ্তমান দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীক লৈ কেন্দ্ৰীয় নেতৃত্ব কিছু অসন্তুষ্ট বাবে আহিবলগীয়া বিধানসভা নিৰ্বাচনত সন্মুখত ৰাখিব বিচাৰিছে স্মৃতি ইৰানীক।

ইফালে স্মৃতি ইৰানীক দিল্লীৰ ৰাজনীতিলৈ এনেদৰে আমদানি কৰি অনাক লৈ দিল্লী বিজেপিৰ ভিতৰচৰাঁতে আৰম্ভ হৈছে কন্দলৰ। ইতিমধ্যে ২০২৫ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে দাবীদাৰ মনোজ তিৱাৰী, বীৰেন্দ্ৰ ছজদেৱা আৰু পৱেশ বাৰ্মাৰ দৰে নেতাই ভিতৰি ভিতৰি আৰম্ভ কৰিছে ৰাজনীতি।

এটা কথা ঠিক যে, দিল্লীৰ ৰাজনীতি হঠাতে আমদানিকৃত কৰা নেতাৰ জৰিয়তে ৰাজনীতি কৰি সুফল লাভ কৰা নাই বিজেপিয়ে। ইয়াৰ পূৰ্বে ২০২৫চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিৰে কিৰণ বেদীক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি নিৰ্বাচন খেলিছিল যদিও সুফল লাভ কৰা নাছিল। গতিকে একাংশ বিজেপি নেতাই মতপোষণ কৰিছে যে, যিকোনো এখন নেতাক কেন্দ্ৰ কৰি নিৰ্বাচনত অৱৰ্তীণ হোৱাতো উচিত নহয়। অৱশ্যে এতিয়ালৈকে কেন্দ্ৰীয় নেতৃত্বই এই সমগ্ৰ বিষয়টোৰ ওপৰত কোনো মন্তব্য ৰাজহুৱা কৰা নাই।

Smriti Irani: ২০২৫ৰ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱাল Vs স্মৃতি ইৰানী!
সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in