আপুনিও সঘনাই কথা পাহৰে নেকি, তেন্তে পঢ়ক...

আপুনিও সঘনাই কথা পাহৰে নেকি, তেন্তে পঢ়ক...
Published on
Updated on

ডিজিটেল ডেস্কঃ চাবিটো ক’ত থৈছিলো? মানুহজনৰ নামটো কি আছিল? অলপ আগতে কি ভাবি আছিলো? অলপ আগতে তুমি মোক কি কৈ আছিলা?  – এনেদৰে আপুনিও কথাবোৰ পাহৰি যায় নেকি ? কথাবোৰ পাহৰি যোৱাৰ পিছত আপুনি বহু চেষ্টা কৰিও মনত পেলাব নোৱাৰে নেকি ? 

বৰ্তমান সময়ত প্ৰায় প্ৰত্যেকজন ব্যক্তিৰে স্মৃতিশক্তি দুৰ্বল হোৱা সমস্যাই দেখা দিয়ে।সুষম খাদ্যৰ অভাৱ আৰু অত্যধিক ব্যস্ত জীৱন শৈলীয়ে হৈছে স্মৃতিশক্তি হ্ৰাসৰ অন্যতম কাৰণ।স্মৃতিশক্তি কম হোৱাৰ ফলত এজন ব্যক্তিয়ে যিকোনো কথা খুব সোনকালে পাহৰি যোৱা পৰিলক্ষিত হয়।অত্যাধিক মানসিক শ্ৰমৰ ফলতো স্মৃতিশক্তি দুৰ্বল হ'ব পাৰে।

স্মৃতিশক্তি অটুট ৰখা তথা বৃদ্ধি কৰাৰ কেইটামান উপায় হ'ল–

ব্ৰাহ্মীব্ৰেইন টনিক বুলিও জনা যায়। মগজুত স্মৰণ শক্তি বৃদ্ধি আৰু স্নায়ু শক্তিশালী কৰিবৰ কাৰণে ব্ৰাহ্মী শাক গৰুৰ ঘিউত ভাজি দিনে এবাৰ কৈ খাব লাগে। কেঁচা নহৰুৰ লগত চাটনি কৰিও ভাতৰ লগত খাব পাৰি। ব্ৰাহ্মী শাকৰ ৰস গাখীৰৰ লগত মিহলি কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়। বাহ্মী শাকত যথেষ্ট পৰিমাণে ফছফৰাছ থাকে বাবে মগজুৰ কোষৰ কাৰণে উপকাৰী।

মানিমুনিক শাকৰ ৰজা বুলি কোৱা হয়। সৰু মানিমুনি বা ডাঙৰ মানিমুনি দুয়োবিধে মগজু আৰু স্নায়ুৰ কাৰণে উপকাৰী। প্ৰতিদিনে মানিমুনিৰ পাত দহ খনকৈ চোবাই খালে স্মৰণ শক্তি আৰু স্নায়ু সবল হয়।

গোমধান এটাৰ প্ৰায় দহ গ্ৰাম বীজ উলিয়াই তাক খুন্দি এগিলাচ পানীত সিজাই সপ্তাহত এদিনকৈ খালে স্মৰণ শক্তি যথেষ্ট বাঢ়ে। গোম ধানৰ বীজৰ গুড়া গাখীৰৰ লগত সিজাই খালে নাইবা গোমধানৰ গুটি চোবাই খালেও স্মৰণ শক্তি যথেষ্ট বৃদ্ধি হয়।

সাতটা তিয়াই থোৱা বাদামৰ বাকলি এৰুৱাই চাৰিটা জালুকৰ সৈতে বটি ২৫০ মিঃলিঃ উতলা গৰম গাখীৰৰ সৈতে মিহলাই দি কিছু সময় গৰম কৰি এচামুচ ঘিউ আৰু দুচামুচ চেনি মিহলাই ঠাণ্ডা কৰি প্ৰতিদিনে খালে স্মৃতিশক্তি সবল হ'ব। ১৫ৰ পৰা ৪৯ দিনলৈ এই গাখীৰ খালে স্মৃতিশক্তি সবল হোৱাৰ উপৰি শৰীৰো শক্তিশালী হ’ব।

সেউজীয়া ঘেঁহু পুলিৰ ৰস এচামুচকৈ প্ৰতিদিনে খালে স্মৃতিশক্তিৰ দুৰ্বলতা হ্ৰাস হয়। আনহাতে ধ্যানৰ অভ্যাস কৰিলেও মনৰ স্থিৰতা আৰু একাগ্ৰতা বৃদ্ধি হয়।

ক'লা তিলৰ লগতে বগা তিলে স্মৃতিশক্তি উন্নত কৰে, মস্তিষ্কৰ দক্ষতা উন্নত কৰে। ই মগজুক অধিক সতৰ্ক আৰু একাগ্ৰতা শক্তি প্ৰদান কৰে। তিলত ভিটামিন কে, এ, চি, বি-৬, ই, কেলচিয়াম, মেঙ্গানিজ, আইৰণ, জিংক, এণ্টিঅক্সিডেণ্ট আদি উপাদানেৰে সমৃদ্ধ। যি মগজুৰ স্মৃতিশক্তি উন্নত কৰাৰ বাবে অতিকৈ উত্তম।

স্মৃতি শক্তি ভাল ৰাখিবলৈ, হালধি প্ৰতিদিনে আহাৰত ৰাখিব লাগে। কাৰকিউমিন হালধিত পোৱা যায় যি স্মৃতিশক্তি বৃদ্ধি কৰে আৰু আলঝেইমাৰ বা ডিমেনচিয়াৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে। ই মগজুৰ পৰা এমাইলইড আঁতৰ কৰে, যাৰ ফলত আলঝেইমাৰ হয়।

অতিৰিক্ত মানসিক অৱসাদ, পাচন তন্ত্ৰৰ বেমেজালি, শাৰীৰিক আৰু মানসিক শক্তিৰ দুৰ্বলতা আদি সমূহৰ বাবেও আজিকালি প্ৰায় স্মৃতিশক্তি হ্ৰাস পোৱা দেখা যায়।দিনটোত অতি কমেও ১ঘণ্টা সময় শাৰিৰীক ব্যায়াম কৰক যাতে আপোনাৰ মানসিক দুশ্চিন্তা তথা মানসিক অশান্তি দূৰ হৈ মগজু সতেজ হৈ থাকে। এইসমূহ উপায় অনুসৰণ কৰিলে কিছু পৰিমাণে স্মৃতিশক্তি বৃদ্ধি পাব।

আপুনিও সঘনাই কথা পাহৰে নেকি, তেন্তে পঢ়ক...
নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in